দেওবাৰে বঙাইগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।
বঙাইগাঁও জিলাখন আগন্তুক দিনত ভাৰতৰ অন্যতম জিলা হিচাপে পৰিগণিত হ'ব বুলি মন্তব্য কৰি সোণোৱালে, '১০ হাজাৰ কোটি টকা ব্যয় কৰি বঙাইগাঁও তেল শোধানাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা হ'ব' বুলি মন্তব্য কৰে।
'জিলাখনৰ যোগীঘোপাত নিৰ্মীয়মান মাল্টি মডেল লজেষ্টিক পাৰ্কৰ পৰাই দেশ আৰু বিদেশৰ উৎপাদিত সামগ্ৰী আমদানি আৰু ৰপ্তানি কৰা' হ'ব বুলি কয় সোণোৱালে।
এই লজেষ্টিক পাৰ্কত বহু সংখ্যক নিবনুৱা যুৱক- যুৱতী সংস্থাপিত হ'ব বুলিও কেন্দ্রীয় মন্ত্রী গৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে বঙাইগাঁৱত আয়ুষ মন্ত্ৰালয়ৰ সভা এখনত অংশ গ্ৰহণ কৰা অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়াই সৰ্বানন্দ সোণোৱালে।