আগন্তুক দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ প্ৰথমখন তালিকা আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ঘোষণা কৰিছে। 

২২ জনীয়া সদস্য বিশিষ্ট পৰিষদৰ বাবে আজিৰ প্ৰথমখন তালিকাত ১২ গৰাকী প্ৰাৰ্থীৰ নাম কংগ্ৰেছে ঘোষণা কৰিছে। 

আজি ঘোষিত তালিকা অনুসৰি নিম্নোল্লিখিত প্ৰাৰ্থী সকলক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছেঃ

১) তিনিচুকীয়া জিলাৰ অন্তৰ্গত ১ নং শদিয়া সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে সোণটো দেউৰী । 

২) তিনিচুকীয়া জিলাৰ অন্তৰ্গত ২ নং কুণ্ডিল সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে ৰণজিত দেউৰী।

৩) তিনিচুকীয়া জিলাৰ অন্তৰ্গত ৩ নং মাৰ্ঘেৰিটা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে খগেশ্বৰ দেউৰী ।

৪) শিৱসাগৰ জিলাৰ অন্তৰ্গত ৫ নং টেঙাপানী সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে সোণেশ্বৰ দেউৰী।

৫) শিৱসাগৰ জিলাৰ অন্তৰ্গত ৬ নং কটিয়ৰি সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে বসন্ত দেউৰী।

৬) যোৰহাট জিলাৰ অন্তৰ্গত ৮ নং যোৰহাট সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে কেশৱ দেউৰী।

৭) ধেমাজি জিলাৰ অন্তৰ্গত ১০ নং চিচিবৰগাওঁ সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে থানেশ্বৰ দেউৰী ।

৮) ধেমাজি জিলাৰ অন্তৰ্গত ১৩ নং বৰদলনি সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে ৰয়েল দেউৰী।

৯) লখিমপুৰ জিলাৰ অন্তৰ্গত ১৯ নং কিনাপথাৰ সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে হৰিপ্ৰসাদ দেউৰী ।

১০) লখিমপুৰ জিলাৰ অন্তৰ্গত ১৬ নং বাঁহগড়া সমষ্টি (অনুসূচিত জনজাতিৰ মহিলাৰ বাবে সংৰক্ষিত) ৰ বাবে মিনু দেউৰী ।

১১) ধেমাজি জিলাৰ অন্তৰ্গত ১৪ নং গোগামুখ সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে লক্ষীপ্ৰসাদ দেউৰী।

 ১২) ধেমাজি জিলাৰ অন্তৰ্গত ১২ নং জোনাই সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) ৰ বাবে সৰুমণি দেউৰী ।