সময় ? ? ?কৰ্পোৰেট গোষ্ঠীৰ হাত লৈ যাব নিকি ফেৰি ঘাট সমুহ ?মাজুলী যোৰহাট সংযোগী ফেৰী সেৱাৰ ক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত : ৰাজহুৱা মতামত গ্ৰহণ : মাজুলীৰ সকলো দল সংগঠনৰ ভাৰ বৃদ্ধিৰ বিৰোধিতা : কৰ্পোৰেট গোষ্ঠীৰ হাত লৈ যাব নিকি ফেৰি ঘাট সমু

মাজুলীৰ পৰা নিমাতি ঘাটলৈ চলাচল কৰা সকলো ফেৰীৰ ভাড়া এশ শতাংশ বৃদ্ধি কৰাৰ চুড়ান্ত কুচকাৱাজ কৰিছে অসম চৰকাৰে । মাজুলী- যোৰহাট ফেৰীৰ ভাড়া বৃদ্ধিক লৈ আজি মাজুলীত শুনানি অনুষ্ঠানৰ আয়োজন কৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে ফেৰিৰ ভাড়া বৃদ্ধি সন্দৰ্ভত 

ৰাজহুৱা শুনানি মাজুলীৰ একাংশ দল সংগঠন আৰু সচেতন লোকে মতামত প্ৰদান কৰে ৷ আই ডব্লিউ টি বিভাগৰ ( INLAND WATER Transport Regulatory Authority ) সদস্য পি কে দাস আৰু বিপুল কুমাৰ দাসে ভাৰৰ্ছোৱেলি এই মতামত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। ইফালে এই মতামত প্ৰদান কৰি জলপৰিবহণ বিভাগে মাজুলীৰ পাৰঘাট সমুহ ব্যক্তিগত কৰণ কৰাৰ ফাণ্ড পতা বুলি অভিযোগ তুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে এই কাৰ্যৰ তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৷ যুৱছাত্ৰ পৰিষদৰ মাজুলী জিলাৰ সভাপতি মুনিন্দ্ৰ ভূঞাই কয় বিজেপি চৰকাৰ খনে ৰাজহুৱা সম্পদ বিক্ৰী কৰি শেষ কৰিলে এতিয়া মাজুলীৰ পাৰঘাট সমুহত চকু দিছে আৰু যুৱ ছাত্ৰ পৰিষদে এই কথা কেতিয়াও মানি নলয় বুলি হুংকাৰ দিয়ে ৷ সভাপতি গৰাকীয়ে এই পাৰঘাট কেইটা ব্যক্তিগত কৰণ কৰিলে মাজুলীৰখাটিখোৱা জনতাক কৰ্পোৰেট গোষ্ঠীয়ে ৰতম টাঙুন সোধাব৷ এয়া চৰকাৰ খনৰ বাবে শুভ লক্ষন নহয় বুলি গুজৰি উঠে ৷ বৰ্তমান ৰাস আৰু পালনামৰ সময় এতিয়া আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু প্ৰশাসনে মাজুলীলৈ আগমন হব লগা দেশি- বিদেশি পৰ্যতকক বা দৰ্শনাৰ্থী সকলক মাজুলীলৈ কি দৰি সুৰক্ষিত ভাৱে পাৰা পাৰ কৰাব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়াহে বিছি জৰুৰী বুলি মন্তব্য কৰে ৷ ইফালে মাজুলী জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰাইও মাজুলীবাসীৰ আৱেগ জড়িত মাজুলীৰ পাৰঘাট ব্যক্তিগত কৰণ কৰা কাৰ্যৰ ঘোৰ বিৰুধীতা কৰে ৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাত্ৰীৰ

 জীৱন সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব দিয়ক ,আৰু এটা পাৰ ঘাটত দুটাৰ পৰিৰ্বতে চাৰিটাকৈ ৰেম্প নিৰ্মাণ কৰি ফেৰি যাতায়ত উন্নত কৰাৰ আহ্বান জনাই ৷ ইফালি আজি ভাৰাবৃদ্ধি আৰু ফেৰিঘাট সমুহ ব্যক্তিগতকৰন কৰাৰ চিন্তা চৰ্চাৰ বিৰুদ্ধে গৰজি উঠে মাজুলী জিলা কংগ্ৰেছৰ নেত্ৰীবৃন্দই ৷ আনহাতে

  মাজুলী ৰাইজৰ মতামত লৱলৈ অহা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধ্যক্ষ গৰাকীৰ আগত সচেতন মহলে কোনো কাৰণে ভাড়া বৃদ্ধি মানি লোৱা নহব বুলি স্পষ্ট ভাৱে মন্তব্য কৰাৰ লগতে 

ৰাতিপুৱা মাজুলীৰ পৰা যোৰহাটৰ অভিমুখে পুৱা ৭ বজাত জাহাজৰ ব্যৱস্হা কৰিব লাগে,অত্যাধুনিক ৰেম্পৰ ব্যৱস্হা কৰিব লাগে,বৰ্তমান যি অনলাইন টিকত ব্যৱস্হা ৰিফান্দৰ ব্যৱস্হা নাই সেই ৰিফান্দৰ ব্যৱস্হা কৰিব লাগে , লেচি ব্যৱস্হাৰ অৱসান ঘটাই চৰকাৰী ব্যৱস্হা কৰা হৈছিল আকৌ যাতে ব্যক্তিগত খণ্ডৰ হাতলৈ নাযায় তাৰ ব্যৱস্থা কৰা ,যোৰহাট অথবা মাজুলীত এটা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সম্পূৰ্ণ পৰ্য্যায়ৰ কাৰ্য্যালয়ৰ নিৰ্মাণ কৰিব লাগে, যাত্ৰী সকলৰ বাবে ঘাটৰ পাৰত বঢ়িব পৰাকৈ জিৰণি চ'ৰা লগতে প্ৰসাৱগাৰ নিৰ্মাণ কৰিব লাগে।

 সুধাকণ্ঠ জাহাজখন কাৰ গাফিলতিৰ কাৰণে নৈ বুকুত জাহ গ'ল তদন্ত হ'ৱ লাগে ,দোষীক শাস্তি প্ৰদান কৰিব লাগে।অনলাইন টিকত কৰা পাছত ফেৰী বন্ধ হ'লে SMS জড়িয়তে যাত্ৰী সকলক অৱগত কৰা ।

  নিশাৰ ভাগত চলাচল কৰিব পৰাকৈ অত্যাধুনিক জাহাজ ৰ ব্যৱস্থা কৰাৰ দাবী জনাই ৷ ইফালে জলপৰিবহণৰ বিষয়া গৰাকীয়ে আজি সাঁতটাকৈ সংগঠন আৰু ১৮ জনকৈ সচেতন লোকে মতামত আৰু পৰাৰ্মশ প্ৰদান কৰে বুলি জনোৱাৰ লগতে ফেৰিঘাট কৰ্পোৰেট গোষ্ঠীলৈ যোৱাৰ কথা কোৱা নাই বুলি মন্তব্য কৰে