ৰাজ্যৰ প্ৰায় পাঁচখনকৈ জিলাৰ অধিকাংশ ঠাইত এতিয়া বানৰ সংহাৰ। মৰিগাঁও জিলাতো ব্ৰহ্মপুত্ৰ নৈৰ পানীয়ে লৈছে বিধ্বংসী ৰূপ। 

যাৰ ফলত এতিয়া হাজাৰ-হাজাৰ লোকৰ কৃষিভূমি, ঘৰ-দুৱাৰ সকলো ধ্বংসৰ কৱলত।

মৰিগাঁও জিলাৰ এজন লোকে অতি দুখ আক্ষেপেৰে কয়, “আমাৰ মুৰ্কটা গাঁৱত অতি বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ নৈয়ে আমাৰ সকলো ঘৰ মাটি ধ্বংস কৰিলে। আমি এতিয়া ক’লৈ যাম, কি খাম, একো নাজানো। আমাৰ এই অঞ্চলটোত প্ৰায় ১০০ টা পৰিয়াল বসবাস কৰি আছো আৰু অধিকাংশ পৰিয়ালেই এই নদী খহনীয়াৰ ফলত বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈ থাকো”।

বিগত কেইবাটাও দশক ধৰি মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত মুৰ্কটা গাঁৱত প্ৰস্তুতি মণ্ডল আৰু তেওঁৰ পৰিয়ালে বাস কৰিছিল যদিও ব্ৰহ্মপুত্ৰৰ পানীত তেওঁলোকৰ ঘৰ আৰু মাটি সকলো ধ্বংস হোৱাৰ বাবে এতিয়া তেওঁলোক গৃহহীন হৈ পৰিছে।

উল্লেখযোগ্য যে, কেৱল প্রস্তুতি মণ্ডলেই নহয়, এতিয়া তেনে বহু পৰিয়ালে নৈৰ খহনীয়াৰ ফলত সকলো হেৰুৱাই নিৰাপদ স্থানলৈ যোৱাৰ প্ৰস্তুতি চলাইছে। এই নদীৰ খহনীয়াৰ ফলত প্ৰায় ৮০ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। 

অসম চৰকাৰৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নৈ আৰু ইয়াৰ উপনৈসমূহৰ মাটি খহনীয়াৰ ফলত ৰাজ্যখনে এই পৰ্যন্ত প্ৰায় ৪.২৭ লাখ হেক্টৰ ভূমি হেৰুৱাইছে।

ৰাজ্যখনত বৰ্তমান পৰ্যন্ত বানপানী আৰু ভূমিস্খলনৰ ফলত ১৯২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ব্ৰহ্মপুত্ৰৰ পানীৰ বাবে প্ৰায় ১০০ টা পৰিয়াল গৃহহীন হৈ পৰিছে।