জম্মু আৰু কাশ্মীৰত কাশ্মিৰী পণ্ডিতসকলৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ আক্ৰমণ বন্ধ হোৱাৰ নামেই লোৱা নাই।

আকৌ এবাৰ কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে।

শনিবাৰে শ্বপিয়ানত সন্ত্ৰাসবাদীয়ে এজন কাশ্মিৰী পণ্ডিতক গুলীয়াই হত্যা কৰাৰ ঘটনা পুনৰ পোহৰলৈ আহিছে।

যোৱা কেইমাহমানত কাশ্মিৰী পণ্ডিত আৰু দেশৰ আন প্ৰান্তৰ পৰা নিযুক্তিৰ সন্ধানত কাশ্মীৰত উপস্থিত হোৱা লোকসকলৰ বিৰুদ্ধে সঘনাই সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছে। য’ত বহু লোকে প্ৰাণ হেৰুৱাইছে।

কাশ্মিৰী পণ্ডিত সকলক আক্ৰমণ কৰাৰ পৰা এই লোক সকলৰ মাজত এক আতংকৰ পৰিৱেশে বিৰাজ কৰিছে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি সন্ত্ৰাসবাদীয়ে শ্বপিয়ানত পুৰাণ কৃষ্ণ ভাট নামৰ এজন লোকলৈ গুলীচালনা কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুৰাণ কৃষ্ণ ভাটক ততাতৈয়াকৈ শ্বপিয়ান চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে পুৰাণ কৃষ্ণ ভাটক দক্ষিণ কাশ্মীৰ জিলাৰ চৌধুৰী গুণ্ড অঞ্চলত তেওঁৰ বাসগৃহৰ ওচৰতে আক্ৰমণ কৰা হৈছিল।

সেই সময়ত তেওঁলোকে এখন বাগিচাৰ ফালে গৈ আছিল। 

বৰ্তমান নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু উগ্ৰপন্থীসকলক বিচাৰি তালাচী অভিযান আৰম্ভ কৰিছে।