ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ষিপ্ৰতাৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি "মিছন ভূমিপুত্ৰ"ৰ অধীনত আজি চৰাইদেউ জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। এই সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ নিৰ্বাচিত ১০ খন বিদ্যালয়ৰ পাঁচ গৰাকীকৈ মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক জাতিগত প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই সভাত প্ৰদান কৰা ভাষণত উপায়ুক্ত গৰাকীয়ে ৰাজ্য চৰকাৰৰ "মিছন ভূমিপুত্ৰ" আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে খৰতকীয়াভাৱে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, চৰাইদেউ জিলাত ৰাজ্যখনৰ ভিতৰতে পোনপ্ৰথম বাৰৰ বাবে আনুষ্ঠানিকভাৱে "মিছন ভূমিপুত্ৰ" আঁচনিৰ অধীনত জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰা হৈছে। সভাখনৰ আঁত ধৰে পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই ।সভাত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামী, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈ প্ৰমুখ্যে বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અડાદરા આદિજાતિ છાત્રાલયમાં સ્વામી વિવેકાનંદ જયંતિની ઉજવણી કરવામાં આવી
કાલોલ તાલુકાના અડાદરા ખાતે આદિજાતિ છાત્રાલયમાં સ્વામી વિવેકાનંદ જયંતિના ભાગરૂપે રાષ્ટ્રીય યુવા...
Motorola Buds और Buds+ भारत में भी हो रहे हैं लॉन्च, कंपनी ने जारी किया टीजर
मोटोरोला अपने भारतीय ग्राहकों के लिए नए ईयरबड्स लाने जा रहा है। मोटोरोला ने भारतीय ग्राहकों के...
DEESA // ડીસા ના રસાણા ગામે આવેલી નર્સિંગ કોલેજ માં પાણી સહિત ની સુવિધાઓ ને લઈ હંગામો..
ડીસા ના રસાણા ગામે આવેલી નર્સિંગ કોલેજમાં છાત્રો છેલ્લા ઘણા સમયથી પાણી સહિત ની સુવિધાઓના અભાવે...
How To Control High Uric Acid: यूरिक एसिड को करना है कंट्रोल, तो आज से ही खाना शुरू कर दें ये 4 चीजें
आजकल के लाइफस्टाइल में लोग सेहत से जुड़ी कई गंभीर समस्याओं का सामना कर रहे हैं। इन्हीं में से एक...