দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে শাসকীয় বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ অহা ৮ নবেম্বৰত হ'বলগীয়া নিৰ্বাচনক লৈ আজি নাৰায়ণপুৰত দলটোৰ এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত মৰাণ,থাউৰা,বিহপুৰীয়া,গহপুৰ,মাজুলী,ঢকুৱাখনা সমষ্টিকে ধৰি কেইটাও সমষ্টিৰ বিধায়ক আৰু সাংসদে অংশ লয়।