নতুন দিল্লী, ১০ আগষ্ট। কেন্দ্ৰীয় চৰকাৰে জৈৱবিজ্ঞান কোম্পানীৰ কাৰ্বেভেক্স বুষ্টাৰ পালি অনুমোদন জনাইছে। এই বুষ্টাৰ পালিটো ১৮ বছৰৰ অধিক বয়সৰ প্ৰাপ্তবয়স্কসকলক দিয়া হ'ব। ইয়াৰ লগতে, কভিশ্বিল্ড বা কভাক্সিনৰ প্ৰথম দুটা পালি গ্ৰহণ কৰা সকলক সতৰ্কতামূলক পালি হিচাপে কাৰ্বেভেক্স ভেকছিনো প্ৰদান কৰিব পাৰি।

বুধবাৰে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলে কয় যে এই অনুমতি যোৱা সপ্তাহত টিকাকৰণৰ ওপৰত ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ (এনটিএজিআই) কৰোনা ৱৰ্কিং গ্ৰুপে কৰা পৰামৰ্শৰ ওপৰত আধাৰিত।

কাৰ্বেভেক্স হৈছে দেশৰ প্ৰথম ভেকছিন যাক প্ৰথম আৰু দ্বিতীয় পালি হিচাপে দিয়া ভেকছিনৰ উপৰিও সাৱধানতামূলক পালি হিচাপে দিয়া হয়। ভাৰতৰ প্ৰথম থলুৱা আৰবিডি প্ৰ'টিন উপ-একক ভেকছিন কৰ্বেভেক্সৰ ব্যৱহাৰ বৰ্তমান কৰোনা টিকাকৰণ কাৰ্যসূচীৰ অধীনত ১২-১৪ বছৰ বয়সৰ শিশুক প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়াই (জিচিজিআই) ৪ জুনত কৰ্বেভেক্সক তৃতীয় পালি হিচাপে ১৬ বছৰ বা তাতকৈ অধিক বয়সৰ লোকক প্ৰয়োগ কৰিবলৈ অনুমতি দিছিল।