বাৰ্মিংহামত চলিত কমনৱেলথ গেমছত মহিলাৰ ল'ন বল শাখাত গোলাঘাট জিলাৰ সৰুপথাৰৰ নয়নমণি শইকীয়া আৰু তেওঁৰ তিনিগৰাকী সতীৰ্থই দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই দলীয়ভাৱে সোণৰ পদক জয় লাভ কৰিছে। এয়া দেশৰ লগতে অসমবাসীৰ বাবে অত্যন্ত আনন্দৰ মুহূৰ্ত আৰু গৌৰৱৰ খবৰ। ইপিনে কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰা অসমৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ হিচাপে ইতিহাস ৰচি অসমবাসীক গৌৰৱান্বিত কৰা নয়নমণিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে কেবিনেট মন্ত্ৰী অতুল বৰাই।

নয়নমনি আৰু তাইৰ সহযোগীসকলৰ এই কৃতিত্বই অসমৰ লগতে দেশৰ উঠি অহা খেলুৱৈসকলক নিশ্চিতভাৱে অধিক উৎসাহিত কৰিব।