অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা ভিত্তিত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান সকলকলৈ কৰ্মশালা সম্পন্ন 

মিচিং অধ্যুষিত অঞ্চলৰ প্ৰথমখন হাইস্কুল তথা খেৰকটামুখ অঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুক্ৰবাৰে লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে জিলা ভিত্তিত ঢকুৱাখনা আৰু বৰদলনি শিক্ষা খণ্ডৰ অধীনস্থ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান সকলকলৈ এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হৈ যায়। সভাখন উদ্বোধন কৰে লখিমপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই, তাৰ পিছতে বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলৰ দ্বাৰা সমবেত সংগীতেৰে আৰম্ভ কৰে৷সভাখন আতঁধৰে ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক প্ৰদীপ বড়াৰ লগতে সহঃসম্পাদক নমেন দলেৰ নেতৃত্বত৷এই প্ৰশিক্ষণ সভাত নতুন শিক্ষা নীতি ২০২০, ছেবাৰ নতুন প্ৰশ্ন কাকত পদ্ধতি, বিদ্যালয়ত হিচাপ ৰখা কিতাপ আদি সন্দৰ্ভত আলোচনা চক্ৰ আৰু কৰ্মশালাত দুয়োখন মণ্ডলৰ প্ৰায় ১২০ জন শিক্ষকে অংশগ্ৰহণ কৰে৷ উক্ত আলোচনা চক্ৰ আৰু কৰ্মশালাত উপস্থিত থাকে সমল ব্যক্তি হিচাবে লখিমপুৰ জিলা আচঁনি বিষয়া(ছেৱা) ৰাজীৱ আইছ, ৰেৱে গুৱালা,ভেৰাজুল হুছেইন, অধ্যক্ষ নিৰঞ্জন পেগু,অনন্ত দাস, প্ৰদীপ পেগু, অশোক কুমাৰ দলে লগতে অধিবিদ্যা পৰিষদৰ ঢকুৱাখনা আৰু বৰদলনি মণ্ডল উপৰিও বিদ্যালয়ৰ প্ৰধান সকলৰ সহঃ শিক্ষক সকল উপস্থিত থাকে৷ সভাৰ অনুষ্ঠিত হোৱাৰ আগতে মিচিং গুমৰাগ নৃত্যৰে সকলোকে আদৰণি জনোৱা হয়৷