চৰম বিত্তীয় নাটনিত ভোগা ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৰাইজৰ টকাৰে চৰকাৰ চলাব বিচৰা অগ্ৰহণযোগ্য নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল।
ইটোৰ পাছত সিটো কৰ আৰোপেৰে জনতাক জ্বলা কলা খুওৱাৰ পাছত জনবিৰোধী অসম চৰকাৰে গৃহ নিৰ্মাণত ব্যৱহৃত শিল-বালিৰ ওপৰত ২ শতাংশ কৰ আৰোপৰ বাবে চলোৱা কুছকাৱাজৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
'অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি, সম্পত্তি কৰ বৃদ্ধি, বিজুলীৰ অস্বাভাৱিক মাচুল বৃদ্ধিয়ে ইতিমধ্যে জনতাক কোঙা কৰিছে। তাৰ পাছত অবিবেচক-কাণ্ডজ্ঞানহীন চৰকাৰখনৰ অধীনৰ জিএমডিএ-ই ২০২১ চনৰ ৭ অক্টোবৰত খনি আৰু খনিজাত বিভাগে জাৰি কৰা এক অধিসূচনাৰ দোহাই দি গৃহ নিৰ্মাণত ব্যৱহৃত শিল-বালিৰ ওপৰত কৰ আৰোপ কৰি জনতাক পুনৰ হাৰাশাস্তি কৰিব বিচাৰিছে।
এয়া সম্পূৰ্ণ অযুক্তিকৰ। কাৰণ শিল-বালিৰ ব্যৱসায়ীয়ে চালানযোগে বন বিভাগক প্ৰয়োজনীয় কৰ পৰিশোধ কৰেই। তাৰ পাছত একেখিনি সামগ্ৰীৰ ওপৰত একেখন চৰকাৰৰ আন এটা বিভাগক কৰ দিবলৈ নিৰ্দেশ দিয়াটো কোনখন সংবিধানৰ নিয়ম হ'ব পাৰে? ৰাজ্যৰ শোচনীয় বিত্তীয় অৱস্থাৰ জোৰা মাৰিব নোৱাৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা এটকাও আনিবলৈ সক্ষম নোহোৱা ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উপায়হীন হৈ জনতাৰ পৰা এইদৰে অসাংবিধানিকভাৱে টকা সংগ্ৰহ কৰি চৰকাৰ চলাব বিচাৰিছে। ৰাইজৰ পৰা টকা তুলি চৰকাৰ চলাব বিচৰাটোৱে সকলোৱে কথাৰে সমাধানৰ গৰাকী বুলি দম্ভালি মাৰি ফুৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই তেওঁৰ অদক্ষতাক লাজলগাকৈ উদঙাই দেখুৱাইছে। আমি অসম তৃণমূল কংগ্ৰেছ দলে এই কথা কেতিয়াও মানি ল'ব নোৱাৰে। এই নিৰ্দেশ প্ৰত্যাহাৰৰ বাবে দাবী জনাইছো।
অন্যথাই জনতাক লগত লৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব।
চৰকাৰখনে যেতিয়াই মন যায় তাকেই কৰিবলৈ ক'ত সাহস পালে? দেশত নিয়ম, আইন-কানুন, বিবেক নাই বুলি বিজেপিয়ে ভাৱিব পাৰে, কিন্তু সাধাৰণ জনতা এইবোৰৰ বিষয়ে ভালকৈয়ে সচেতন,' অসম তৃণমূলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ মন্তব্য।