শুকুৰবাৰে বিয়লি পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এখন কন্টেইনাৰ আৰু এখন বিএমডব্লিউ গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষত চাৰিজন লোক নিহত হয়।

দুৰ্ঘটনাটোৰ পিছতে কন্ৰটেইনাৰখনৰ চালকজন পলাই যায়। আনহাতে দুৰ্ঘটনাগ্ৰস্থ বাহন খনৰ আৰোহীসকল বিহাৰৰ বুলি জানিব পৰা গৈছে। 

মৃতসকলৰ তিনিজনক চিনাক্ত কৰা হৈছে, আনহাতে এটা মৃতদেহ চিনাক্ত কৰা হোৱা নাই।

উল্লেখ্য যে, ৬ অক্টোবৰৰ নিশা এই পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ এঠাইত হঠাতে এচা গাঁতৰ সৃষ্টি হৈছিল। তেতিয়াৰ পৰা, এটা পথেৰেই দুয়োফালৰ বাহন অহা-যোৱা কৰি আছিল।

যাৰ বাবেই আজি আবেলি প্ৰায় ৩.৩০ মান বজাত, বিপৰীত ফালৰ পৰা অহা বাহনৰ সৈতে ভয়ংকৰ খুন্দা লাগে কন্টেইনাৰখনৰ।

সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে কণ্টেইনাৰখনৰ সন্মুখৰ অংশটো ভাঙি ভিতৰ সোমাই পৰে। 

ফলত গাড়ীখনত থকা চাৰিজন লোকৰ ঘটনাস্থলতে মৃত্যু হয়।