ওদালগুৰিৰ মীন পালকক শীত তাপ নিয়ন্ত্ৰীত চাৰি চকীয়া বাহন প্ৰদান

অসম চৰকাৰৰ মীন বিভাগৰ উদ্যোগত RIDF-XXVI আচনিৰ অধীনত আজি দুজনকৈ মীন পালকক শীত-তাপ নিয়ন্ত্ৰীত চাৰিচকীয়া বাহন প্ৰদান কৰা হয়। আজি ওদালগুৰি মীন উন্নয়ন কাৰ্য্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ওদালগুৰি জিলাৰ উপায়ুক্ত ডা° চাদনেক সিং আৰু ওদালগুৰি পৌৰ সভাৰ পৌৰপতি ৰাকেশ বড়োৱে হিতাধিকাৰী দুজনক এই বাহন দুখন প্ৰদান কৰে। ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে মীন পালক সকলৰ সুবিধাৰ্থে বিভিন্ন আচনি গ্ৰহণ কৰাৰ কথা জানিব দিয়ে। আজিৰ এই অনুষ্ঠানত ওদালগুৰিত মীন উন্নয়ন বিষয়া বিপুল খাতনিয়াৰ সহ জিলা খনৰ বহু কেইগৰাকী মীন পালক উপস্থিত থাকে।