চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত লেঙীবৰ অঞ্চলৰ পোন্ধৰ জন শ্ৰমিকক চুবুৰীয়া অৰুণাচল প্ৰদেশত আবদ্ধ কৰি ৰখাৰ পাছত আজি অসম আৰক্ষীয়ে কেউগৰাকী শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে উক্ত শ্ৰমিক কেইজন যোৱা ২৫ আগষ্ট তাৰিখৰ পৰা কাম কৰিবলৈ বুলি অৰুণাচললৈ ৰাওনা হৈছিল আৰু তাৰ পাছৰ পৰাই অসমৰ পোন্ধৰজনকৈ শ্ৰমিকক কৌশলেৰে আবদ্ধ কৰি ৰখে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি চৰাইদেউ লেঙীবৰ অঞ্চলৰ পোন্ধৰ জন শ্ৰমিকক মাইবেলাৰ চেলিম সাগৰ নামৰ এজন ঠিকাদাৰে দলঙৰ কাম কৰাবলৈ বুলি অৰুণাচলৰ পাছিঘাটলৈ বুলি লৈ গৈছিল । কিন্তু কাম কৰাৰ বিনিময়ত ঠিকাদাৰজনে শ্ৰমিকসকলক প্ৰাপ্যধন আদায় নিদিয়াত খোৱা-বোৱাত সমস্যাই দেখা দিয়ে । ইফালে সংশ্লিষ্ট ঠিকাদাৰ জনে শ্ৰমিকৰ দলটোক প্ৰাপ্যধন আদায় নিদি দলটোক তাতে আবদ্ধ কৰি ৰখাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । এনে পৰিস্থিতিৰ মাজতে চৰাইদেউ বাগিচাৰ অজয় দাস নামৰ শ্ৰমিকজন পাছিঘাটৰ পৰা কোনোমতে পলাই আহি ঘৰ পাইহি । শ্ৰমিকজনে ঘটনা সম্পৰ্কে সকলোকে অৱগত কৰাত সংশ্লিষ্ট শ্ৰমিক কেইজনৰ পৰিয়ালকেইটাৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগে । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালকেইটাই মথুৰাপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত কালি মথুৰাপুৰ থানাৰ পৰা যোৱা আৰক্ষীৰ এটা দলে অৰুণাচলৰ পাছিঘাটত উপস্থিত হৈ স্থানীয় আৰক্ষী সহযোগত তেৰ জনকৈ আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ কৰি স্ব গৃহলৈ উভতাই আনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुख्यमंत्री एकनाथ शिंदेंना पाहिलं आणि रामदेवबाबा म्हणाले... Baba Ramdev | Eknath Shinde | Politics
मुख्यमंत्री एकनाथ शिंदेंना पाहिलं आणि रामदेवबाबा म्हणाले... Baba Ramdev | Eknath Shinde | Politics
मोनू मेहरा बने केशोरायपाटन पंचायत समिति के अध्यक्ष जय भीम ज्ञानपीठ सेवा संस्थान
मोनू मेहरा बने केशोराय पाटन पंचायत समिति के अध्यक्ष*
केशोरायपाटन
जय भीम ज्ञान...
Nitish Kumar क्या Lalu Yadav, Tejashwi का साथ छोड़ NDA में शामिल होंगे? Bihar Politics Crisis
Nitish Kumar क्या Lalu Yadav, Tejashwi का साथ छोड़ NDA में शामिल होंगे? Bihar Politics Crisis
ડીસાના ભોંયણ પાટિયા પાસે તસ્કરોનો ફરી તરખાટ | SatyaNirbhay News Channel
ડીસાના ભોંયણ પાટિયા પાસે તસ્કરોનો ફરી તરખાટ | SatyaNirbhay News Channel
इटावा में निकली भव्य कांवड़ यात्रा, पुष्पवर्षा कर किया स्वागत करते
इटावा की महिला मण्डल द्वारा कावड़ यात्रा निकाली कावड़ यात्रा के लिए सभी महिलाएं सुबह प्रातकालीन...