উত্তৰ প্ৰদেশৰ ৰামপুৰৰ বুলি পৰিচয় দিয়া নাছিৰ চাই নামৰ শ্ৰমিকৰ চৰ্দাৰ এজনে দৰং জিলাৰ বাঁহগড়া-গণেশকুঁৱৰীৰ দুটাকৈ ইটাভাটাৰপৰা শ্ৰমিক আনি দিয়াৰ নামত কেইবা লক্ষ টকা আগধন লৈ উধাও হোৱা ঘটনাই বৃহত্তৰ বাঁহগড়া অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি ছিপাঝাৰ থানাৰ অন্তৰ্গত বাঁহগড়া-গণেশকুঁৱৰীৰ KVI আৰু ASM মাৰ্কাৰ ইটাভাটাৰ স্বত্বাধিকাৰীৰপৰা আগধন লৈ যোৱা সপ্তাহত ৫৫ গৰাকীকৈ শ্ৰমিক ভাটা দুটাত যোগান ধৰিছিল নাছিৰে ৷ কিন্তু পৰিতাপৰ কথা যে শ্ৰমিক চৰ্দাৰ নাছিৰ ছাই এই ৫৫ গৰাকী শ্ৰমিকক এটকাও আদায় দিয়া নাছিল ৷ যাৰবাবে শ্ৰমিক সকলে ভাটা দুটাত এসপ্তাহ কাম কৰাৰ পিছতে আৰু কাম কৰিবলৈ অপৰাগতা প্ৰকাশ কৰে ৷ এনে সন্ধিক্ষণত ইতিমধ্যে প্ৰায় ৬ লাখ ৫০ হাজাৰ টকা আগধন হিচাবে আদায় দিয়া দুয়োটা ভাটাৰ মালিকপক্ষ বিমোৰত পৰে আৰু শ্ৰমিক চৰ্দাৰ নাছিৰ ছাইক যোগাযোগ কৰে ৷ ঘটনাই অন্য মোৰ লোৱাৰ আগতে চৰ্দাৰ নাছিৰে দুয়োটা ভাটাৰ স্বত্বাধিকাৰীক সহযোগ কৰাৰ পৰিৱৰ্তে অতি কৌশলৰে তেওঁ দিল্লীৰ শ্ৰম বিভাগত এই শ্ৰমিক সকলক আবদ্ধ কৰি ৰখা বুলি অভিযোগ তুলি ভাটাৰ দুটাৰপৰা শ্ৰমিক সকলক উদ্ধাৰ কৰি নিবলৈ গোছৰ তৰে ৷ সেই গোছৰৰ ভিত্তিত বৃহস্পতিবাৰে দৰং জিলা শ্ৰম বিষয়া প্ৰসেনজিৎ তালুকদাৰ, দৰং জিলা শ্ৰম পৰিদৰ্শক অমূল্য তালুকদাৰ , মঙলদৈ সদৰ ডি এছ পি প্ৰাঞ্জল বৰাৰ নেতৃত্বত ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাসহ আৰক্ষীৰ এটা দলে ভাটাৰ স্বত্বাধিকাৰীৰ সহযোগত দুয়োটা ভাটাৰপৰা বহিৰাজ্যৰ ৫৫ গৰাকী শ্ৰমিকক BR 06 PD 5352 নম্বৰৰ এখন ভলভো বাছেৰে স্বগৃহলৈ প্ৰেৰণ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महावितरण कंपनीच्या अधिपत्याखालील क्षेत्रात अदानी इलेक्ट्रिकल कंपनीस चालवायला देण्यासाठी समांतर परवाना मिळण्यास संघटनेचा विरोध
महाराष्ट्र राज्यातील ठाणे व नवी मुंबई परिसरातील महावितरण कंपनीच्या...
પ્રેમમાં પાગલ યુવતીનું પરાક્રમ / ઘરના સભ્યોને બેહોશ કરી પ્રેમી સાથે થઈ પલાયન / Flash News
પ્રેમમાં પાગલ યુવતીનું પરાક્રમ / ઘરના સભ્યોને બેહોશ કરી પ્રેમી સાથે થઈ પલાયન / Flash News
Karni Sena Chief Sukhdev Gogamedi Hatyakand : किससे दोस्ती की सज़ा मिली? Lawrence Bishnoi | LT Show
Karni Sena Chief Sukhdev Gogamedi Hatyakand : किससे दोस्ती की सज़ा मिली? Lawrence Bishnoi | LT Show
मोबाइल डीलर एसोसिएशन की बैठक संपन्न
आबूरोड में मोबाइल डीलर एसोसिएशन की बैठक संपन्न
आबूरोड (सिरोही)। मोबाइल डीलर एसोसिएशन...