ডিমাকুছিত বজ্ৰ পৰি মৃত্যু হোৱা পৰিয়ালক চেক প্ৰদান অধ্যক্ষ দৈমাৰীৰ//ওদালগুৰি জিলা ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমাকুছি নাগাচুবা গাঁ‌ৱৰ (৫৭) বছৰীয়া পাডা ৰাম বসুমতাৰী যোৱা ২০ জুলাই তাৰিখে বজ্ৰপাট পৰি  মৃত্যুক আকোৱালী ল'ব লগিয়া হৈছিল যি ঘটনাই বৃহৎত্তৰ ডিমাকুছি অঞ্চলত শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল।

ঘটনাৰ খৱৰ পাই স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে  মুখ্যমন্ত্ৰী সাহায্য পুজিৰ অধিনত আজি অসহায় পৰিয়ালটো লৈ চাঁ‌ৰি লাখ টকাৰ চেক মৃত পাডা ৰামৰ পত্নি সোনাথী বসুমতাৰীৰ হাতত অৰ্পণ কৰে।
অধ্যক্ষ গৰাকীৰ উক্ত চেক প্ৰদান কাৰ্যসূচীত তেখেতৰ সৈতে উপস্থিত থাকে ভেৰগাঁ‌ও মহকুমাধিপতী দিপক ভূঞা, চক্ৰ বিষয়া মণিশা নাথ,জিলা বিজেপিৰ সম্পাদক জুশ্ৰাং বড়ো, বিজেপি নেতা সুনিল বসুমতাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে