সমস্যাৰে জুৰুলা কৰা অসমত আন এক ভয়ংকৰ ঘটনা। এইবাৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে আৰক্ষীয়ে আটক কৰিছে অনলাইন সামগ্ৰী ডেলিভাৰী কৰা যুৱক এগৰাকীক।

বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাত ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় অভিলেখ শৰ্মা নামৰ যুৱকগৰাকীক।

নামৰূপ নগৰত আটক কৰা হৈছিল অভিযুক্ত অভিলেখক। 

অভিযোগ অনুসৰি গ্ৰেপ্তাৰৰ সময়ত অভিলেখৰ ওচৰৰ পৰা জব্দ কৰা হৈছিল ১৩ গ্ৰাম ড্ৰাগছ।

ইফালে, অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এন ডি পি এছ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

আটক কৰাৰ পাছতে অভিলেখক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি সোধা পোচা অব্যাহত ৰাখিছে। 

আৰক্ষীৰ তদন্ততহে জানিব পৰা যাব অভিলেখে এইদৰে অনলাইন সামগ্ৰী ডেলিভাৰীৰ অজুহাত দেখুৱাই ড্ৰাগছ সৰবৰাহ কৰে নে নিজৰ বাবে আনিছিল সেই ড্ৰাগছ।