পৰ্যটকৰ বাবে মুকলি হ'ব পবিতৰা অভয়াৰণ্য !ৰাজ্যৰ আন আন ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পিছত এতিয়া পবিতৰা অভয়াৰণ্য দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই। এই লৈ পবিতৰা অভয়াৰণ্যত উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়। পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ফিটা কাটি, নাৰিকল ভাঙি আনুষ্ঠানিক ভাৱে পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে। ৰাজ্যৰ পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সংগ দিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকাই। ইয়াৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাই হাতীৰ পিঠিত উঠি পবিতৰাৰ সৌন্দৰ্য উপভোগ কৰে। উল্লেখ্য যে বৰ্তমান পবিতৰা অভয়াৰণ্যত ১০৭ টা গঁড় আছে। তদুপৰি অভয়াৰণ্য খনত আছে বিভিন্ন বনৰীয়া জীৱ জন্তু আৰু বনৰীয়া পক্ষী। এই পবিতৰা অভয়াৰণ্য খন যাতে আগন্তুক দিনত আৰু অধিক উন্নতি কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য কৰে। উল্লেখ্য যে, যোৱা ২০২১ - ২২ বৰ্ষত পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰায় ৪৮ লাখ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી જીલ્લા પોલીસ બેડામાં શોક-પોલીસ વિભાગના જવાનોએ પાઠવી શ્રધ્ધાંજલી
પોલીસ જવાન તરીકે ત્રણ વરસથી ફરજ બજાવી રહેલ ધારી તાલુકાના અમૂતપુર ગામના સોહીલ ભાઈ રાઠોડના...
Sana Khan ने मां बनने के 6 दिन बाद दिखाई बेटे सैयद तारिक जमील की पहली झलक, देखे वीडियो
सना खान (Sana Khan) ने 5 जुलाई को बेटे को जन्म दिया। सना ने खुद सोशल मीडिया पर फैंस संग ये गुड...
મહીસાગર જિલ્લામાં ડ્રોન ટેકનોલોજીથી નેનો યુરિયાનો છંટકાવના મળી રહ્યા છે સારા પરિણામો
જિલ્લામાં ૧૧૮ ખેડૂતોએ ૧૯૮ એકરમાં નેનો યુરિયાનો પોતાના ખેતી પાકોમાં ડ્રોન વડે છંટકાવ કરવાની કરી શરૂઆત
રાજ્ય સરકાર ના કૃષિ વિભાગ દ્વારા આયોજીત ડ્રોન ટેકનોલોજી ઇફકો નેના યુરિયા છટકાવ યોજનાનો પ્રારંભ...