অসমলৈ প্ৰথমবাৰৰ বাবে অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী মুকলি কৰিলে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল। 

গুৱাহাটীৰ আই আই টিত অনুষ্ঠিত অনুষ্ঠানৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে হাস্পতালখন মুকলি কৰে। 

অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল অধ্যাপক জগদীশ মুখী।

উল্লেখ্য যে ১০৮ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা এই চিকিৎসা মহাবিদ্যালয়খনত অহা ১৫ নৱেম্বৰৰ পৰা এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।