তৃণমূল কংগ্ৰেছ দলৰ ৰাজ্যিক সম্পাদক অভিজিত কৰ্মকাৰক গ্ৰেপ্তাৰ কৰা হৈছে। ভুৱা লটাৰী খেল চলোৱা এক বৃহৎ চক্ৰৰ মাষ্টাৰমাইণ্ড আছিল অভিজিত কৰ্মকাৰ। এই অভিযোগৰ ভিত্তিতে বাস্কা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম লুৱাশুৰ শিৱ মন্দিৰৰ সাহায্যাৰ্থে ভুৱা লটাৰী খেল পাতি লাখ লাখ টকা ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল ৷ যোৱা ১১ ছেপ্টেম্বৰত খেলখন অনুষ্ঠিত কৰাৰ কথা আছিল ৷ ১ লাখ ২৯ হেজাৰ ৫০০ খন ১০০ টকীয়া টিকট বিক্ৰী কৰি কোটি টকাৰ ওচৰত ধন সংগ্ৰহ কৰিছিল যদিও কোনোধৰণৰ উপহাৰ প্ৰদৰ্শন কৰা নাছিল ৷

ফলত ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হোৱাত বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষীক বিষয়টো অৱগত কৰে৷ পিছত আৰক্ষীয়ে তদন্ত কৰি লটাৰীৰ লগত জড়িত ৬ গৰাকী লোকক আটক কৰাৰ পিছতে পোহৰলৈ আহিছিল ভুৱা লটাৰী চলোৱা গেংটোৰ মাষ্টাৰ মাইণ্ড কৰ্মকাৰৰ কথা৷

এই ঘটনাৰ পিছৰে পৰা আত্মগোপন কৰি থকা কৰ্মকাৰক বুধবাৰে শালবাৰী আৰক্ষীয়ে মুছলপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

তৃণমূলৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে দলে তেওঁক নিলম্বন কৰে।