তামুলপুৰৰ কুমাৰীকাটাত মাছ মাৰিবলৈ আহি এজনৰ মৃত্যু ।
আজি বিয়লি কুমাৰিকাটা আৰক্ষী চকীৰ অধিনৰ ঢেকীয়াবস্তিত লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিষয়ে কুমাৰীকাটা আৰক্ষীৰ পৰা জানিব পৰামতে কুমাৰীকাটা ঢেকিয়াবস্থিতৰ ফৰেষ্ট ৰিজাৰ্ভৰ মাজৰে বৈ অহা এটা দোংঙৰ মাজত আবেলি ৫ মান বজাত এটা মৃতদেহ পৰি থকা দেখি এজন লোকে কুমাৰীকাটা আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে খবৰ পাই লগে লগে আৰক্ষীৰ দল ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহ টো উদ্ধাৰ কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ আনি সন্ধিয়াই মৰোনত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰন কৰে। জানিব পৰামতে, লোকজন বৰিনআঙাৰকাটা গাওৰ মৃত মাৰ্টিয়াছ লাক্ৰাৰ পুত্ৰ চিলব্ৰাছ লাক্ৰা (৩৩)। চিলব্ৰাছে আজি দুপৰীয়া মাছ মাৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল।
ককালত খালৈ বন্ধা অবস্থাত লোকজন পানীজুৱলীত পৰি মৃত্যু হয় বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । জানিব পৰা মতে লোকজনৰ মিৰ্কী বেমাৰ আছিল।