বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ সভাপতি বনমালী মহন্তলৈ//জাফা'ৰ ২০২২ বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা বঁটা

ৰাজ্যৰ সাংবাদিক-সংবাদকৰ্মীৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোছিয়েচন ফৰ আসাম চমুকৈ জাফা'ই JAFA ACHIEVERS AWARD 2022 ( for Rural Journalism ) ৰ নাম সমুহ অলপতে ঘোষণা কৰে। ৰাজ্যৰ ২১ গৰাকীকৈ নিৰপেক্ষ নিৰ্ভীক সত্য নিষ্ঠা সংবাদকৰ্মীলৈ জাফাই গ্ৰাম্য সাংবাদিকতা বঁটা ২০২২ বৰ্ষৰ বঁটা প্ৰদান কৰিব। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিৰ বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱ ৰ সভাপতি বনমালী মহন্ত লৈ এই বঁটা আগবঢ়োৱা হ'ব । জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে জাফা'ৰ গ্ৰাম্য সাংবাদিকতা বঁটা ২০২২ বৰ্ষৰ বটা প্ৰাপক সকলৰ নাম আজি ঘোষণা কৰে । উল্লেখ্য যে অহা ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্ষ্যপূৰ্ণ অনূষ্ঠানত এই বঁটা সমুহ প্ৰদান কৰা হ'ব। আনহাতে জাফা'ৰ অনান্য শিতানৰ বটা সমুহো দুই এদিনতে ঘোষণা কৰা হ'ব বুলি বিবৃতিটোত প্ৰকাশ।