বঙাইগাঁও ৰেইল ষ্টেশ্যনত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কৰ্মৰত শ্ৰমিকৰ গাত নিৰ্মীয়মান প্লেটফৰ্মৰ চালি সৰি পৰাত সাতজন শ্ৰমিক আহত হয়। ইয়াৰে দুজন শ্ৰমিকৰ অৱস্থা সংকটজনক। 

জানিব পৰা মতে, আহত পাঁচজন শ্ৰমিকক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আহত পাঁছজন ক্ৰমে- যতীন বৰ্মণ, গোপাল বৰ্মণ, বেনু ৰায়, বিফুল বৰদলৈ আৰু মনোৰঞ্জন বৰ্মণ।

আনহাতে গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে(নাম জানিব পৰা নাই)।

প্লেটফৰ্মটো গুৱাহাটীৰ ত্ৰিবেণী কনষ্ট্ৰাকচনে নিৰ্মাণ কৰি আছে বুলি আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিব দিছে।