বিশ্বনাথৰ অসম অৰুনাচল সিমান্তৰ তিনিসূতি বিৰিজানত সংঘটিত হল এক শোকাবহ ঘটনা।

পানীত পৰি সলিল সমাধি ঘটে দুটাকৈ শিশুৰ। দুদুল কৰ্মকাৰৰ পুখুৰীত গা ধুবলৈ গৈছিল তিনিটা শিশু।ইয়াৰে নয়ন জ্যোতি কৰ্মকাৰ(৮) আৰু অশোক ওৰাং(৯) নামৰ শিশু দুটা দ পানীত পৰি যায়।

অৱশ্যে আনটো শিশুৰ কথমপি প্ৰাণ ৰক্ষা পৰে। লগে লগে সহুৱা সুৱা লাগে আৰু স্থানীয় ৰাইজে শিশু দুটাক পুখুৰীৰ পৰা উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে দুয়োটা শিশুৰে মৃত্যু হোৱা বুলি ঘোষণা কৰে।এই ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।