আজাদী কা অমৃত মহোৎসৱ উপলক্ষে খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰমত আজি অনুষ্ঠিত হয় যুৱ সন্মিলন৷ পুৱা স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে গুৱাহাটী ৰামকৃষ্ণ মিছনৰ স্বামী বিক্ৰমানন্দজী মহাৰাজ৷ অনুষ্ঠানত দৰং জিলাৰ উপায়ুক্ত প্ৰনৱ কুমাৰ বৰ্মণ উপস্থিত থাকে৷ স্বামী বিবেকানন্দৰ ওপৰত বক্তব্য প্ৰদান কৰে ড° পৰিমল দত্ত, ড° অগ্নিৰস আৰু ছাত্ৰ ছাত্ৰীসকলে৷ দেশভক্তিমূলক গীতৰ আধাৰত মনোমোহা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়৷