মাজুলীত শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ সোঁৱৰণীত চিত্ৰকলা আৰু আকস্মিক বাক্ প্ৰতিযোগিতা 

মাজুলী জিলা সাহিত্য সভাৰ অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী চিত্ৰকলা আৰু আকস্মিক বাক্ প্ৰতিযোগিতা সম্পন্ন

কেশৱৰাম বৰাৰ স্মৃতিদিৱস পালন 

 মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত দেওদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয় আৰু জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ সহযোগত কেশৱৰাম বৰাৰ স্মৃতিদিৱস আৰু অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী সাহিত্য প্ৰতিযোগিতা দেওদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় | পুৱা ৮.৩০ বজাত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই পতাকা উত্তোলন কৰাৰ পিছতে পুৱা ৯ বজাত আধুনিক মাজুলীৰ স্বপ্নদ্ৰষ্টা কেশৱৰাম বৰাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰফুল্ল বৰুৱাই | পুৱা ৯.৩০ বজাত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী চিত্ৰকলা আৰু আকস্মিক বাক্ প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ জীৱন বৰাই | শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা আৰু চিত্ৰশিল্পীদ্বয় শ্যামন্ত পায়েং আৰু শিল্পী কলিতাই বিচাৰক হিচাপে উপস্থিত থকা 'কেশৱৰাম বৰাৰ আলোকচিত্ৰ অংকন' শীৰ্ষক চিত্রাংকণ প্ৰতিযোগিতাত ক্ৰমে দেওদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী মৌচুমী পায়েঙে প্ৰথম, বাঁহপৰা মিচিং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী নিহাৰিকা ৰেগনে দ্বিতীয় আৰু ছাত্র নিৰঞ্জন ৰেগনে তৃতীয় স্থান লাভ কৰে | ইয়াৰ পিছতে শিক্ষকদ্বয় শশীধৰ বৰুৱা আৰু আলোক ৰেগনে বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰা আকস্মিক বাক্ প্ৰতিযোগিতাত দেওদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী কাকলি বৰাই প্ৰথম, ২৩ নং বুঢ়া কলিতা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী চন্দ্ৰমা বৰাই দ্বিতীয়, দেওদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী নৱনীতা পায়েঙে তৃতীয় আৰু বিচাৰকৰ বিশেষ নিচুকনি বটাঁ লাভ কৰে প্ৰিয়াশ্ৰী শইকীয়াই | কোনো পঞ্জীয়ন মাচুল নথকা দুয়োটা প্ৰতিযোগিতাৰ সমূহ বিজয়ী প্ৰতিযোগীক জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই সভাপতিত্ব কৰা 'স্মৃতিচাৰণ মুকলি সভা'ত মান পত্র, নগদ ধন আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয় | মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগন আদৰণী ভাষণ আগবঢ়োৱা সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ টংকেশ্বৰ ভূঞাই | জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি প্ৰভাত বৰা বুঢ়াভকত, জিলাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়া, গড়মূৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভূপেন দত্ত, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উপদেষ্টা যুগল হাজৰিকা, দেওদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয় পৰিচালনা সমিটিৰ সভাপতি জয়ন্ত কুমাৰ শইকীয়া, প্ৰধান শিক্ষক কেশৱ বৰুৱা, কেশৱৰাম বৰাৰ পৰিয়ালৰ সদস্যা ৰুবী সভাপণ্ডিত বৰা, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক কৃষাৰাণী শইকীয়া বৰুৱা, উপসভাপতি অনুপ্ৰভা দেৱী প্ৰমুখ্যে কেইবাজনো সাহিত্যসেৱকে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰে | বেঙেনাআটী ৰমাকান্ত দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক চন্দ্ৰ বদন দাসক বিশেষ সম্বৰ্ধনা জনোৱা সভাখনত শলাগৰ শৰাই জ্ঞাপন কৰে মাজুলী জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথে | জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই সভাপতিৰ মন্তব্য প্ৰদান কৰাৰ পিছতে জাতীয় সংগীতেৰে সভাৰ পৰিসমাপ্তি ঘটে |