চৌদি আৰৱৰ চৰকাৰে দুবছৰৰ অন্তত এইবেলি কেতবোৰ বিশেষ নীতি - নিয়মৰ মাজেৰে বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ হজ সমাপন কৰাৰ বাবে এইবেলি অনুমতি প্ৰদান কৰাৰ পাছত উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰা এইবেলি ৩,৪৫৪ জনে হজ সমাপনৰ বাবে মদিনা হৈ মক্কালৈ যাত্ৰা কৰিছিল।

ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমসহ উত্তৰ পূৱৰ ৰাজ্যকেইখনৰ হজযাত্ৰা ৫ জুনৰ পৰা ১৭ জুনলৈ আৰম্ভ হৈছিল আৰু যাত্ৰা আৰম্ভ কৰাৰ দৰে হজযাত্ৰী সকলৰ ওভতনি যাত্ৰা ১৬ জুলাইৰ পৰা আৰম্ভ হৈছে। উল্লেখযোগ্য এইবেলি পবিত্ৰ হজ সমাপনৰ বাবে মক্কালৈ যোৱা হজযাত্ৰীৰ ভিতৰত এজনী মহিলাকে ধৰি উত্তৰ পূৱৰ মুঠ ছয়জন হজযাত্ৰীৰ বিভিন্ন ৰোগত আক্রান্ত হৈ মক্কা আৰু মদিনাত মৃত্যু হৈছে।

মৃত্যু হোৱা হজযাত্ৰী সকলৰ ভিতৰত এজন অসমৰো আছে। অসম চৰকাৰৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে জানিবলৈ দিয়া মতে মৃত্যু হোৱা হজযাত্ৰী জন হজযাত্ৰা আৰম্ভ হোৱাৰ প্ৰাক ক্ষণত মদিনাত ৰোগত আক্রান্ত হৈ মৃত্যু হৈছে।

তেওঁক কৰিমগঞ্জৰ আজিৰুদ্দিন (৬০) বুলি চিনাক্ত কৰা হৈছে। আনহাতে ১৬ জুলাইত নিশাৰ ভাগত চৌদি আৰবৰ বিমান সংস্থা ফ্লাইনাচ এয়াৰৰ দুখন বিশেষ বিমানৰে উত্তৰ পূৱৰ মুঠ ৩০০ জন হজযাত্ৰী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয়।

আনহাতে আজি বিয়লি ৩ বজাত তৃতীয়টো হজযাত্ৰীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত হজযাত্ৰী সকলক আনুষ্ঠানিক ভাৱে আদৰণি জনায় যুটীয়া ৰাজ্যিক হজ কমিটিৰ সদস্য তথা প্ৰদেশ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক শ্বহীদুল ইছলামে। এই সন্দৰ্ভত বিমানবন্দৰত উপস্থিত সাংবাদিকক শ্বহীদুল ইছলামে সদৰি কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ পৰা মক্কালৈ হজ সমাপনৰ বাবে যোৱা হজযাত্ৰী সকল যাতে তাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হবলগীয়া নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল।

আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো অসমৰ পৰা হজলৈ যোৱা হজযাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। হজযাত্ৰী সকলৰ সুবিধাৰ বাবে অসম চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত ২২ জনকৈ বিষয়াক খাদিমূল হিচাপে হজযাত্ৰী সকলৰ সৈতে সম্পূৰ্ণ চৰকাৰী খৰচত মক্কালৈ প্ৰেৰণ কৰা হৈছিল। ইফালে যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে জানিবলৈ দিয়া মতে হজযাত্রা আৰম্ভ হোৱাৰ সময়ৰ দৰে ৪২ দিন পাছত আৰম্ভ হোৱা ওভতনি যাত্ৰাত বিমানবন্দৰত বিশেষ আনুষ্ঠানিকতা নাথাকিলেও বিমানবন্দৰ হজ অভ্যথৰ্না কমিটিৰ সভাপতি আলতাফ হুছেইন, কাৰ্যকৰী সভাপতি কাচেম আলীকে ধৰি কমিটিৰ আন আন কৰ্মকৰ্তা সকলে হজযাত্ৰী সকল বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত নিজ ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হবলগীয়া নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিছে।

হজযাত্ৰী সকলৰ ওভতনি যাত্ৰা অহা ২৬ জুলাইত সামৰণি পৰিব। উল্লেখযোগ্য যে অসমৰ হজযাত্ৰী সকলে মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে তাৰ বাবে ডিঙিত গামোচা লৈ থকাৰ লগতে তেওঁলোক থকা হোটেলৰ সন্মুখত দিনে নিশাই গামোচাৰ পতাকা উৰি আছিল।