মৰাণৰ খোৱাং অঞ্চলত এতিয়া অচিন ৰোগত আক্ৰান্ত হৈছে শ শ ছাগলী ৷ বহু ছাগলী ইতিমধ্যে মৃত্যু মুখত পৰিছে । যাৰ বাবে এক হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাগলী পালকৰ মাজত ৷ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ বাম গাঁও ,হালধিবাৰী, কোঁৱৰ গাঁও, খোৱাং সোনোৱাল গাওঁ, বলাইকে ধৰি বহু কেইখন গাওঁত অচিন ৰোগৰ ফলত মৃত্যুমুখত পৰিছে বহু ছাগলী ৷ বৰ্তমানেও আক্ৰান্ত হৈ আছে কেইবাশ ছাগলী ৷ স্থানীয় ছাগলীৰ পালকসকলে জানিবলৈ দিয়া অনুসৰি অচিন ৰোগত আক্ৰান্ত হোৱাৰ ছাগলী সমূহ দুটা দিনৰ ভিতৰতে সংকটজনক হৈ পৰে আৰু মৃত্যু মুখত পৰে ৷ বৃহত্তৰ খোৱাংঅঞ্চলত এটা পশু চিকিৎসালয় আছে যদিও পশু চিকিৎসক নথকাৰ ফলত স্থানীয় ৰাইজৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ছাগলী পালক সকলে অচিন ৰোগত আক্ৰান্ত হোৱা ছাগলী সমূহ চিকিৎসা কৰিছে যদিও সুস্থ হোৱা নাই । উপায়হীন হৈ পৰিছে গাঁৱৰ ৰাইজ ৷ যিহেতু এই কৰ্ম কৰিয়ে পৰিয়াল পোহপাল দি আহিছে পশুপালক সকলে। কৃষিজীৱী লোক সকলে উপায়হীন হৈ নেদেখাজনৰ ওচৰত ধুপ-বন্তি জ্বলাই প্ৰাৰ্থনা কৰা বুলি জানিবলৈ দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ashwini Choubey: 'मेरा कसूर है कि...' टिकट कटने के बाद बोले अश्विनी चौबे; PM मोदी का लिया नाम
Ashwini Choubey BJP बीजेपी ने बक्सर लोकसभा सीट से इस बार अश्विनी चौबे को टिकट नहीं दिया।...
વારંવાર રજૂઆત કરવા છતા નિકાલ ન થતો હોવાની રાવ
સુરેન્દ્રનગરના વોર્ડ નં. 11ની જોરાવરનગર વણકર સમાજની વાડી પાસે ઉકરડા અને ગંદકીથી છાત્રાયલયના...
Tamil Nadu CM MK Stalin ने Ordinance के खिलाफ दिया Arvind Kejriwal को Support, Modi Govt की हार तय!
Tamil Nadu CM MK Stalin ने Ordinance के खिलाफ दिया Arvind Kejriwal को Support, Modi Govt की हार तय!
মৰাণ চকলীয়াত পথ দুৰ্ঘটনাত কথমপি ৰক্ষা চালকৰ। সামগ্ৰী কঢ়িওৱা বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত।
ডিবগড় জিলাৰ মৰাণ ৰাজহচক্ৰ বিষয়াৰকাৰ্য্যালয়ৰ মৰাণ আৰক্ষীথানাৰ অন্তৰ্গত চেপন চকলীয়াত কথমপি...