চাহ ফেক্টৰীৰ শোষণৰ বিৰুদ্ধে মৰঙিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ।

কেঁচা চাহপাতৰ মূল্যৰ ক্ষেত্ৰত চৰকাৰে দিয়া নিৰ্দেশনাক অমান্য কৰি চাহ ফেক্টৰীসমূহে চলাই অহা শোষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে৷ মৰঙিৰ ফলঙনি পঞ্চায়ত কাৰ্যালয়ৰ বাকৰিত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পূৱ মৰঙি আৰু দক্ষিণ মৰঙি আঞ্চলিক সমিতি , দক্ষিণ - পূব মৰঙি কেঁচা চাহপাত যোগানকাৰী সন্থাএকত্ৰিত হৈ আজি মৰঙিৰ বটলিফ ফেক্টৰী আৰু বৃহৎ বাগিচাৰ মালিকপক্ষৰ শোষণ আৰু স্বেচ্ছাচাৰী চৰিত্ৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷ কেঁচা চাহপাতৰ মূল্য নিৰ্দ্ধাৰণৰ বাবে থকা জিলা মণিটৰিং কমিটিয়ে প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাতৰ ন্যূনতম মূল্য ২১ টকা নিৰ্দ্ধাৰণ কৰি দিছিল যদিও দুৰ্গাপূজাৰ পাছৰে পৰা চাহ ফেক্টৰীসমূহে নিজৰ ইচ্ছানুসৰি একপক্ষীয়ভাবে কেঁচা চাহপাতৰ মূল্য নিৰ্দ্ধাৰণ কৰিবলৈ লোৱাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল৷ সকলো চৰকাৰী নিৰ্দেশনাক ভৰিৰে মোহাৰি পুঁজিপতি চাহ বণিয়া গোষ্ঠীটোৱে চাহ খেতিয়কসকলৰ বাবে প্ৰতি কিলোগ্ৰাম চাহপাতৰ মূল্য ১৩ টকালৈকে নমাই আনে৷ পুঁজিপতি বণিয়াৰ এনে শোষণৰ বিৰুদ্ধে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ স্থানীয় আঞ্চলিক সমিতিৰ লগতে মৰঙিৰ গ্ৰীণলিফ চাপ্লায়াৰ্ছ কমিটি আৰু মৰঙি স্মল টী গ্ৰৱাৰ্ছ এছ’চিয়েছনে অভিযোগ কৰাৰ পাছতে বিষয়টোৰ আলোচনাৰ বাবে মৰঙি চক্ৰ বিষয়াই যোৱা ১১ অক্টোবৰ তাৰিখে সংশ্লিষ্ট পক্ষসমূহক লৈ এখন জৰুৰী সভা আহ্বান কৰে৷ কিন্তু তাতো কেঁচা চাহপাতৰ মূল্যৰ ক্ষেত্ৰত কোনো স্থিৰ সিদ্ধান্তত উপনীত হ’ব নোৱৰাত মৰঙিৰ কেবা সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থত মৰঙি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ফেক্টৰীসমূহলৈ কেঁচা চাহপাত যোগান বন্ধ ৰাখি ৰাজপথত বাইক ৰেলীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰে পৰা অনিৰ্দিষ্ট সময়লৈ কেঁচা চাহপাত ছিঙা বন্ধ ৰাখিছে মৰঙিৰ বিশ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে৷ দক্ষিণ-পূৱ মৰঙি কেঁচা চাহপাত যোগানকাৰী সমিতিয়েও পুঁজিপতি গোষ্ঠীয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলক শোষণৰ লক্ষ্য কৰি লোৱা বিষয়টোত সোচ্চাৰ হৈ মৰঙিৰ সকলো চাহ ফেক্টৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ বিদ্ৰোহৰ সময়ছোৱাত আন ঠাইৰ পৰা অহা কেঁচা চাহপাতো গ্ৰহণ নকৰিবলৈ সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছে বটলীফ ফেক্টৰী সমুহক ৷