সোণাৰিত ব্যৱসায়ীক হত্যাৰ প্ৰচেষ্টা চলোৱা ঘটনাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া প্ৰকাশ। 

ঘটনাত জড়িত এজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সোণাৰি আৰক্ষীয়ে। আন দুজনক শীঘ্ৰেই কৰায়ত্তৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

যোৱা তিনি অক্টোবৰত সোণাৰিৰ পাচলি ব্যৱসায়ী খচৰুল ইছলামক আন এজন পাচলি ব্যৱসায়ী চিয়াবউদ্দিন আহমেদে পৰিয়ালৰ আন দুজন উদণ্ড যুৱকক লগত লৈ গুৰুলাগুৰুল ভাৱে মাৰপিট কৰি গুৰুতৰ ভাৱে আঘাত কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাৰ প্ৰতিবাদত আৰু ঘটনাত জড়িত দোষী সকলক শীঘ্ৰেই আটক কৰাৰ দাবীত আজি সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিক্ৰিয়া। ইতিমধ্যে সোণাৰি আৰক্ষীয়ে অভিযান চলাই ঘটনাটোৰ মূল তিনিজনৰ ভিতৰত এজন নায়ক চিয়াবউদ্দিন আহমেদক আটক কৰে যদিও ঘটনাৰ সৈতে জড়িত আন দুজন ক্ৰমে তেওঁৰে পৰিয়ালৰ চাহিদ আহমেদ আৰু আখতাৰ আহমেদ এতিয়াও পলাতক অৱস্থাত আছে । আজিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক লংকেশ্বৰ গগৈয়ে কয় যে শীঘ্ৰেই আন দুজন দোষীক আটক কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ।