গোলাঘাটৰ কলেজ তিনি আলীত ভয়াবহ পথ দুৰ্ঘটনা

তিব্রবেগী এল্টোয়ে এখন মটৰ চাইকেলত খুন্দিওৱা ফলত গুৰুতৰ ভাবে আহত এজন

মঙ্গলবাৰে নিশা গোলাঘাটৰ কলেজ তিনি আলী অঞ্চলত এখন তিব্রবেগী এল্ট গাড়ীৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় AS 05B 0594 নম্বৰৰ মটৰ চাইকেল আৰোহী। এই পথ দুৰ্ঘটনা প্ৰত্যক্ষ কৰা পিছত স্থানীয় ৰাইজৰ সহযোগত আহত ব্যক্তি জনক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ব্যক্তি জনৰ অবস্থা সংকটজনক হৈ থকা বাবে চিকিৎসকে তেখেতক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে। আহত ব্যক্তি জন বৰুৱা বামুন গাঁও বাসিন্দা তুষাৰ ঘোষ বুলি জানিব পৰা গৈছে। আনফালে এই দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা এল্ট বাহন খনক খেদি আৰক্ষীয়ে চালক সহ বাহন খণ জব্দ কৰিবলৈ সক্ষম হৈছে।