গোলাঘাট টাউনৰ থানা চাৰিআলি এলেকাত মাজনিশা সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। লুচিয়াচ কিটচেন নামৰ এখন ৰেষ্টুৰেণ্টৰ পৰা জুইৰ সূত্ৰপাত ঘটাত ব্যাপক ক্ষতিগ্ৰস্ত হয় তিনিটাকৈ ব্যৱসায়িক প্ৰতিস্থান। গোলাঘাট আৰক্ষী থানাৰ সন্মুখৰ বিল্ডিংটোত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাটোত প্ৰায় ত্ৰিশ লাখ টকাৰ সম্পত্তি নষ্ট হয়। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তাৎক্ষণিক তৎপৰতাৰ ফলত অধিক ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পৰে বৃহৎ ব্যৱসায়িক অঞ্চলটো। স্থানীয় লোকে অনুমান কৰা মতে লুচিয়াচ কিটচেন নামৰ ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালত হোৱা ইলেকট্ৰিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে। ইফালে, ৰেষ্টুৰেণ্টখনৰ ৰান্ধনী শালৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ১১ টাকৈ এলপিজি চিলিণ্ডাৰ কৌশলেৰে বাহিৰ কৰাত নিশ্চিত অঘটনৰ পৰা ৰক্ষা পৰে অঞ্চলটো। অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ অভিযোগ অনুসৰি লুচিয়াচ কিটচেন নামৰ ৰেষ্টুৰেণ্টখনে নিয়ম উলংঘা কৰি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ পৰিবৰ্তে আঠটাকৈ ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিছিল ৰান্ধনীশালত। ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালৰ লগতে সমবায় সমিতিৰ এটা কাৰ্যালয় আৰু আন এখন ব্যৱসায়িক প্ৰতিস্থান অগ্নিকাণ্ডটোত ক্ষতিগ্ৰস্ত হয়। উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ সময়ত ব্যৱসায়িক প্ৰতিস্থানকেইটাত এজনো কৰ্মচাৰী উপস্থিত
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
এইবাৰ দৰা গাড়ীৰ চালকৰ ৰূপত দেখা গ'ল খুমটাইৰ বিধায়ক মৃনাল শইকীয়াক
এইবাৰ দৰা গাড়ীৰ চালকৰ ৰূপত দেখা গ'ল খুমটাইৰ বিধায়ক মৃনাল শইকীয়াক
‘India trusted because of our massive talent pool’: PM Modi inaugurates Semicon 2023
Semicon India 2023 Live Updates: The event is being held in Gandhinagar. Bengaluru hosted the...
Beed BJP Bhagirath Biyani : भाजप शहराध्यक्षाने स्वतःवर गोळी झाडून आत्महत्या केल्याने खळबळ
Beed BJP Bhagirath Biyani : भाजप शहराध्यक्षाने स्वतःवर गोळी झाडून आत्महत्या केल्याने खळबळ
હલેન્ડા ગામે પરપ્રાંતિ પરીવાર ના 7 લોકો ને ફુટ પોઈઝન ની અસર જસદણ સરકારી હોસ્પિટલ સારવાર માટે લવાયા
હલેન્ડા ગામે પરપ્રાંતિ પરીવાર ના 7 લોકો ને ફુટ પોઈઝન ની અસર જસદણ સરકારી હોસ્પિટલ સારવાર માટે...
लुधियाना: बीच सड़क शिवसेना नेता को निहंगों ने तलवार से काटा, वीडीओ वायरल।
पंजाब के लुधियाना में एक शिवसेना टकसाली नेता पर निहंग सिखों ने कातिलाना हमला कर दिया है. इस हमले...