অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত পাৰিয়াপাৰা শাখা সমিতি গঠন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত পাৰিয়াপাৰা শাখা সমিতি খন গঠন কৰা হয় । পশ্চিম পাৰিয়াপাৰা জাগৃতি সংঘ প্ৰাঙ্গণত পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ সভাপতি কমলা ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ধনমনি ডেকাক সভাপতি আৰু ৰিংকুজ্যোতি ডেকাক সম্পাদক হিচাপে লৈ পাৰিয়াপাৰা শাখা সমিতি গঠন কৰা হয়। সভাত পৰিষদৰ দৰং জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য নাৰায়ণ ডেকা, দেওমৰনৈ আঞ্চলিক সমিতিৰ উপদেষ্টা ধীৰাজ কুমাৰ ডেকা আৰু আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ নাথ উপস্থিত থাকে।