চৰাইদেউ জিলাত অসম অৰুণাচলৰ সীমা বিষয়ক যুটীয়া আঞ্চলিক সমিতিৰ বৈঠক
অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই আজি চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা যুটীয়া আঞ্চলিক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মন্ত্ৰী বড়াই অৰুণাচল প্ৰদেশ চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী হনচুন নানদামৰ নেতৃত্বত অহা দলটিৰ সৈতে বৈঠকত অংশ লৈ চৰাইদেউ জিলাৰ সৈতে থকা অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সীমা সমস্যাৰ ওপৰত আলোচনা কৰে। আলোচনাকালত মন্ত্ৰী বড়াই কয় যে, সীমা সমস্যাৰ স্থায়ী সমাধানৰ অবিহনে সীমা অঞ্চলত বসবাস কৰি থকা লোকসকলৰ সামগ্ৰিক উন্নয়ন সম্ভৱপৰ নহয়। তেওঁ কয় যে, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াসৰ ফলত ৰাজ্য দুখনৰ মাজত থকা সীমা সমস্যাই সমাধানৰ মুখ দেখিবলৈ গৈ আছে।
আজিৰ বৈঠকত মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, কানুবাৰী সমষ্টিৰ বিধায়ক জি ডি ৱাংচু, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা আৰু লংডিং জিলাৰ উপায়ুক্ত বানি লেগোৱে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত নিজ নিজ বক্তব্য ৰাখে।
চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই বৈঠকত আদৰণি ভাষণ আগবঢ়ায়।
আজিৰ বৈঠকত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্বয় জাবেদ আৰমান আৰু অভিজিত গগৈ, আৰক্ষী অধীক্ষক যুৱৰাজ, অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্ষি চৌধুৰী, সহকাৰী আয়ুক্ত দ্বয় জাহ্নবী গোস্বামী আৰু সমুজ্বল বড়া, সোণাৰিৰ ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্ত, সাপেখাতিৰ ৰাজহ চক্ৰ বিষয়া ডাঃ অনামিকা গগৈ, সোণাৰিৰ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নভজ্যোতি চহৰীয়াৰ লগতে লংডিং জিলাৰ অতিৰিক্ত উপায়ুক্ত টেচু অৰন, লাউনুৰ ৰাজহ চক্ৰ বিষয়া য়োৱা আন্যা, কানুবাৰীৰ মহকুমা আৰক্ষী বিষয়া টফা ৱাংচু, কানুবাৰীৰ মাণ্ডলিক বন বিষয়া আজেব জেৰাং আৰু কানুবাৰীৰ অধিবক্তা নংকম ৱাংজেন উপস্থিত থাকে।
বৈঠকত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে শলাগৰ শৰাই আগবঢ়ায়।