নলবাৰী কৈঠালকুছিত ৰে'লৰ পৰা পৰি এগৰাকী লোকৰ মৃত্যু ঘটিছে। মৃত লোকজনৰ নাম হেমেন বৰ্মন বুলি জানিব পৰা গৈছে। 

ৰে'লযোগে মৰিগাঁৱৰ পৰা কৈঠালকুছিলৈ আহি আছিল ব্যক্তিজন। 

লোকজন ভুলবশতঃ নলবাৰী ৰে'ল ষ্টেশ্যনৰ পৰা চিফুং যাত্ৰীবাহী ৰে'ল বুলি ভাবি ব্ৰহ্মপুত্ৰ মেইলত উঠিছিল। 

কিন্তু কৈঠালকুছি ৰে'ল ষ্টেশ্যনত ৰে'লখন নৰখাৰ ফলত ব্যক্তিজনে জঁপিয়াই দিছিল ৰে'লৰ পৰা।

তাৰ পিছতেই ততাতৈয়াকৈ লোকজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।