নুমলীগড়ৰ কালিয়নী নদীৰ ফটাশিলত অঘটন নদীৰ পানীত এজন সন্ধানহীন।

নুমলীগড় আৰক্ষী চকীৰ অধীনৰ ৰংবং ফটাশিলৰ কালিয়নী নদীত মঙলবাৰে দুপৰীয়া নদী পাৰ হওতে এজন ব্যক্তি সন্ধানহীন হয় ৷ সন্ধানহীন শ্ৰমিকজন ৰাজা তাঁতী ৷ কালিয়নী গাৱঁৰ ৰাজা তাঁতী বিগত ৫ বছৰৰ পৰা ৰংবং ফটাশিল ঘাটৰ কাষৰীয়া আলাউদ্দিন নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৷ ইতিমধ্যে নুমলীগড় আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে যদিও সন্ধানহীনৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ পুনৰ কালিলৈ উদ্ধাৰ অভিযান চলাব বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ ৷