সমাগত দিপাৱলী । দিপাৱলী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰে মৰাণতো প্ৰস্তুতি তুংগত উঠিছে। দিপাৱলী উপলক্ষে আজিৰে পৰা মৰাণত আৰম্ভ হৈছে অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন মৰাণ শাখাৰ উদ্যোগত বানিজ্য মেলা । মৰাণ বাৱৰ্চি হোটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বাণিজ্য মেলা আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহনৰ পত্নী অলি মহনে। এই বাণিজ্য মেলালৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা ব্যৱসায় প্ৰতিষ্ঠান সমূহ অহা পৰিলক্ষিত হৈছে । প্ৰতিবছৰে দিপাৱলী উপলক্ষে অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন মৰাণ শাখাই এইদৰে বাণিজ্য মেলা অনুষ্ঠিত কৰি আহিছে। আজি উদ্বোধনী অনুষ্ঠানত শাখাৰ সভানেত্ৰী অনিতা ম'ৰ, সম্পাদিকা সীমা আগৰৱাল, কোষাধ্যক্ষা সুধা আগৰৱাল, সংযোযিকা সুনীতাবিজয়  ম'ৰ আৰু সংগঠনটোৰ।কৰ্মকৰ্তা সকল উপস্থিত থাকে।