শোণিতপুৰৰ গুদামঘাটৰ পৰা পাচজন প্ৰবঞ্চকক আটক। নকল টকা আৰু নকল সোন জব্দ।

১৫/৭/২২ তাৰিখে বৰঘাট আৰক্ষী চকীৰ আৰক্ষী য়ে এক গোপন সূত্ৰ ৰ পম খেদি কাছেম আলি আৰু ছাইফুল ইছলাম নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

কাছেম আলি আৰু ছাইফুল ইছলামে পইচা ডাবল কৰাৰ নামত সৰকাইছিল ৯ লাখ টকা। ৯ লাখ টকাৰ বিনিময়ত ১৮ লাখ টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল এই দুই প্ৰৱঞ্চকে। কিন্তু টকা লৈ অন্তৰ্ধান হ'ল দুই প্ৰৱঞ্চক। বাৰে বাৰে চেষ্টা কৰিও যুৱক-যুৱতী দুজনে যোগাযোগ কৰিব পৰা নাছিল লোক কেইজনক। কাছেম আলী আৰু ছাইফুল ইছলাম নামৰ এই দুই যুৱকৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিছিল যুৱক-যুৱতীদ্বয়ে। অভিযোগৰ ভিত্তিত বৰঘাট আৰক্ষীয়ে ঘোঁৰামাৰীৰ পৰা দুই প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হৈছিল ১৫/৭/২২ তাৰিখে।

আজি পুনৰ খনামুখৰ গুদামঘাটত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসৰ নেতৃত্বত তথা চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত একেটা চক্ৰৰ লগতে জড়িত ৫ জনকৈ প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আটকা কৰা লোককেইজৰ লগত এটা ভূৱা সোনৰ টুকুৰা সহ কেইবা লাখ নকলি ৫০০ টকীয়া নোটৰ দুটা বাণ্ডিল জব্দ কৰিবলৈ সক্ষম হয়।