সোণাৰিত তিনিটা ঘাটমাউৰা শিশুৱে অতিবাহিত কৰিছে দুৰ্বিসহ জীৱন

সোণাৰিৰ সমীপৰ শিঙৰিতলী গাঁওৰ তিনিটা ঘাটমাউৰা শিশুৱে অতিবাহিত কৰিব লগা হৈছে দুৰ্বিসহ জীৱন। জানিব পৰা মতে আজিৰ পৰা প্ৰায় চাৰি বছৰ পূৰ্বে শিশু তিনিটাৰ মাক ৰূপালী মুণ্ডাৰ মৃত্যু হোৱাত দেউতাক ভয়টা মুণ্ডায় যেনে তেনে তুলি তালি ডাঙৰ কৰি আছিল। কিন্তু দুৰ্ভাগ্যজনক ভাবে গত ২৯ আগষ্ট তাৰিখে কোনো আততায়ীৰ আক্ৰমণত ভয়টা মুণ্ডাৰ মৃত্যু হোৱাত তেওঁৰ তিনিটা সন্তান ঘাটমাউৰা হৈ পৰে। কেওঁকোনো নথকা শিশু তিনিটা বিগত সময়চোৱাত গাঁওখনৰ ইঘৰ হিঘৰত নাইবা গাঁওৰ মাজত থকা এডৰা হাবিত জুপুৰি ঘৰ এটা সাজি দুৰ্বিসহ জীৱন অতিবাহিত কৰি আহিছে। শিশু তিনিটাক উদ্ধাৰ কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানিয় গাঁওবাসীয়ে চৰকাৰক আহ্বান জনাইছে

মৃত্যুঞ্জয় দাস, সোণাৰি।।