এতিয়া ৰাসৰ বতৰ।সমাগত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ।

ঘিলামৰাতো চলিছে ৰাস মঞ্চায়নৰ অভিজাত প্ৰস্তুতি।মাত্ৰ কিছুদিনৰ পিছতে উজনি নামনি সামৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে  মুখৰিত হব ভগৱান শ্ৰীকৃষ্ণৰ আকুল বন্দনা।খোল তাল,দবা শংখ ,বাঁহীৰ সুৰৰ মধুৰ ঝংকাৰত ৰাজ্য পৰিণত হব গকুল বৃন্দাবনলৈ।

ঘিলামৰা 'পাঞ্চজন্য'শিল্পী সমাজৰ উদ্যোগতো এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৰাস ।এই উপলক্ষে সকলো শিল্পী কলা কুশলীৰ সহযোগত ঘিলামৰা কৃষ্টি ভৱনত সম্পাদন কৰা হয়  আনুষ্ঠানিক আৰম্ভণি অনুষ্ঠান।নাৰিকল ভাঙি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ঘিলামৰা ঘাহি গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি ফটিক চন্দ্ৰ হাজৰিকাই।

উল্লেখযোগ্য যে পাঞ্চজন্যৰ মঞ্চত এইবেলি দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধীযে।আনহাতে কৃষ্ণ ভাওত দেখিবলৈ পাব অন্য এজন জনপ্ৰিয় অভিনেতা মুকুন্দ মাধৱক।