বৰপেটা জিলাৰ আলোপতিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী যুৱক। জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হোৱা যুৱক দুগৰাকী ক্ৰমেঃ আবু তালেপ (১৬) আৰু মফিজুৰ ৰহমান (১৯) । নিহত আবু তালেপৰ ঘৰ নিচানৰচৰত আৰু মফিজুৰ ৰহমানৰ ঘৰ আলোপতিত। দুয়োজন যুৱকে আলোপতি ফকীৰপাৰা বজাৰৰ পৰা AS 15 U 1934 নম্বৰৰ য়ামাহা এফ জেদ বাইকেৰে তীব্ৰ গতিত আহি থকা অৱস্থাত পথত থকা Speed Breaker পাৰ হওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰে। দুৰ্ঘটনাত পতিত দুয়োজন যুৱকক ততাতয়াকৈ আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে দুয়োজনকে মৃত বুলি ঘোষণা কৰে। ঘটনাস্থলীত আলোপতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহ দুটা থানালৈ আনে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকত ভাগি পৰিছে দুয়োটা পৰিয়াল। মঙলবাৰে নিহত যুৱক দুজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मलेरिया रथ को हरी झण्डी दिखाकर किया रवाना
पन्ना :विश्व मलेरिया दिवस के अवसर पर मुख्य चिकित्सा एवं स्वास्थ्य अधिकारी डा. व्ही.एस....
Maharashtra Election 2024: महाराष्ट्र में किसकी बनेगी सरकार, कल आएंगे नतीजे | MVA | Mahayuti
Maharashtra Election 2024: महाराष्ट्र में किसकी बनेगी सरकार, कल आएंगे नतीजे | MVA | Mahayuti
BGMI 3.2 Update: बीजीएमआई यूजर्स को जल्द मिलेगा नया अपडेट, मिलेंगे नए मोड और जबरदस्त फीचर्स
बैटलग्राउंड्स मोबाइल इंडिया (BGMI) के लिए जल्द नया अपडेट रिलीज किया जाएगा। बीजीएमआई मोबाइल गेम...
ડીસાના ધારાસભ્ય પ્રવીણભાઈ માળીએ શહેરના પડતર પ્રશ્નો અંગે વહીવટી તંત્ર સાથે બેઠક યોજી ચર્ચા કરી
ડીસાના ધારાસભ્ય પ્રવીણભાઈ માળીએ શહેરના પડતર પ્રશ્નો અંગે વહીવટી તંત્ર સાથે બેઠક યોજી ચર્ચા કરી
આણંદ ખાતે *મિલેટ ફ્રૂડ ફેસ્ટિવલ*યોજાયો
અનુસ્નાતક હોમસાયન્સ વિભાગ, સરદાર પટેલ યુનિવર્સિટી તથા ટુરિઝમ કોર્પોરેશન ઓફ ગુજરાત લિ. દ્વારા...