বৰপেটা জিলাৰ আলোপতিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী যুৱক। জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হোৱা যুৱক দুগৰাকী ক্ৰমেঃ আবু তালেপ (১৬) আৰু মফিজুৰ ৰহমান (১৯) । নিহত আবু তালেপৰ ঘৰ নিচানৰচৰত আৰু মফিজুৰ ৰহমানৰ ঘৰ আলোপতিত। দুয়োজন যুৱকে আলোপতি ফকীৰপাৰা বজাৰৰ পৰা AS 15 U 1934 নম্বৰৰ য়ামাহা এফ জেদ বাইকেৰে তীব্ৰ গতিত আহি থকা অৱস্থাত পথত থকা Speed Breaker পাৰ হওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰে। দুৰ্ঘটনাত পতিত দুয়োজন যুৱকক ততাতয়াকৈ আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে দুয়োজনকে মৃত বুলি ঘোষণা কৰে। ঘটনাস্থলীত আলোপতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহ দুটা থানালৈ আনে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকত ভাগি পৰিছে দুয়োটা পৰিয়াল। মঙলবাৰে নিহত যুৱক দুজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
एसडीओ ने किया पनोरिया पंपिंग स्टेशन का निरीक्षण, पेयजल आपूर्ति के दिए निर्देश
सेड़वा 11 अप्रैल ।
ग्रीष्म ऋतु के मद्देनज़र उपखंड क्षेत्र में आमजन, पशु और पक्षियों के लिए...
અમદાવાદ: નકલી સરકારી ડોકયુમેન્ટ બનાવવાનું કૌભાંડ ઝડપાયું
અમદાવાદ: નકલી સરકારી ડોકયુમેન્ટ બનાવવાનું કૌભાંડ ઝડપાયું
ওখ গছৰ পৰা পৰি মৃত্যু বহু পৰিভ্ৰমী চৰাই নিজ দলগাঁৱত সংঘটিত হয় এনে হৃদয় বিদাৰক ঘটনা ।
ওখ গছৰ পৰা পৰি মৃত্যু বহু পৰিভ্ৰমী চৰাই নিজ দলগাঁৱত সংঘটিত হয় এনে হৃদয় বিদাৰক ঘটনা ।
Delhi Jal Board Scam:पूछताछ के लिए ED के सामने पेश नहीं होंगे CM Arvind Kejriwal
Delhi Jal Board Scam:पूछताछ के लिए ED के सामने पेश नहीं होंगे CM Arvind Kejriwal
জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীক উপহাৰ মুখ্যমন্ত্ৰীৰ
জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীক সাক্ষাৎ কৰি ত্ৰিৰংগা পতাকা উপহাৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...