পুনৰ ৰাজ্যক আন এক ভয়াবহ ঘটনই জোকাৰি যায়। এজন পাষাণ পিতৃৰ হত্যাৰ বলি হ'ব লগা হ'ল কণমানি কন্যা সন্তান আৰু তেওঁৰ গৰ্ভৱতী পত্নী।

এই ভয়ংকৰ ঘটনা সংঘটিত হয় কাৰ্বি আংলং জিলাত। ঘটনাৰ সময়ত পাঁচ মাহৰ গৰ্ভৱতী আছিল পত্নী।

অভিযোগ অনুসৰি, দেওবাৰ অৰ্থাত ৯ ছেপ্টেম্বৰ তাৰিখে নিশা প্ৰায় ১১মান বজাত এই ঘটনাটো সংঘটিত হৈছে।

ধনশিৰি আৰক্ষী থানাৰ অধীনস্থ অভিযুক্ত বিপুল কুণ্ডা নামৰ অভিযুক্তজনে পাঁচমহীয়া গৰ্ভৱতী পত্নী আশা কুণ্ডা আৰু ডেৰ মহীয়া কন্যা ঋষিতা কুণ্ডাক ছুৰীৰে আঘাত কৰি হত্যা কৰে।

সূত্ৰ অনুসৰি ঘৰুৱা অশান্তিৰ বাবে দেওবাৰে নিশা সুৰাপান কৰি পত্নীৰ সৈতে প্ৰথমে বাক-বিতণ্ডা আৰু পাছত শুই থকা অৱস্থাত পত্নী আৰু কন্যাক চুৰিৰে হানি হত্যা কৰে বিপুলে।

ইতিমধ্যে ঘটনাস্থলৰ পৰা পলাবলৈ চেষ্টা কৰা অভিযুক্তজনক স্থানীয় ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক।