পত্নীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত মৰাণ থানাৰ অ’ চি বিজয় দৈমাৰীৰ নেতৃত্বত এদল আৰক্ষী আৰু আন দুজন সাধাৰণ যুৱকে শিৱসাগৰ জিলাৰ ডিমৌৰ ১০ জন যুৱকক আটক কৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা ঘটনাৰ পাচত কালি নিশা ডিব্ৰুগড় জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই অভিযুক্ত অ’ চি দৈমাৰীক ৰিজাৰ্ভ ক্ল’জ কৰিছে৷ উল্লেখ্য যে, অৰুণাচলৰ জিৰ’ৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম কৰি আহি থকাৰ পথত মৰাণৰ প্ৰেচিফিক ইন ধাবাত ভাত খায় থকা অৱস্থাত মৰাণ থানাৰ অ’চি বিজয় দৈমাৰীৰ পত্নীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ তুলি যোৱা আঠ অক্টোবৰৰ নিশা যুৱক ১০ জনক আটক কৰিছিল ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে৷ তাৰ পাচত এজন এচ আই আৰু আন দুজন সাধাৰণ যুৱকে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল আটকাধীন ১০ জনকৈ যুৱকক৷ পৰৱৰ্তী পৰ্যায়ত নিশা মৰাণ থানাৰ ভিতৰত দহজনকৈ যুৱকক সম্পূৰ্ণ উলংগ কৰি গুণ্ডাৰূপী মৰাণ থানাৰ অ’ চি বিজয় দৈমাৰীৰ নেতৃত্বত এচ আই ভৱেন দত্ত আৰু আন দুজন সাধাৰণ যুৱক ক্ৰমে দুদুল লেখাৰু আৰু মানৱ হাজৰিকা (পিতি)ই হিন্দী চিনেমাৰ খলনায়কৰ কায়দাৰে গছকি গছকি প্ৰহাৰ কৰিছিল যুৱক কেইজনক৷ ফলত মৰাণ থানাৰ অ’চি বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল’জ কৰিছে অসম চৰকাৰৰ আৰক্ষী বিভাগে৷ ইফালে অ’চি বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পিছতে উঠিছে আন এক গুৰুতৰ অভিযোগ৷ কাৰণ ঘটনা সংঘটিত হোৱাৰ দিনা নিশা মৰাণ থানাৰ অ’চি বিজয় দৈমাৰীৰ সৈতে তিনিজন আৰক্ষীৰ লোক যোৱাৰ উপৰিও আন দুজন সাধাৰণ যুৱকো গৈছিল ভুক্তভোগী যুৱক কেইজনক আটক কৰিবলৈ৷ অভিযোগ অনুসৰি সেই গুণ্ডা ৰূপী যুৱক দুজন ক্ৰমে দুদুল লেখাৰু আৰু মানৱ হাজৰিকা (পিতি)ই অ’চি বিজয় দৈমাৰীক সংগ দি মৰাণ থানাৰ এচ আই ভৱেন দত্তৰ সৈতে লগ লাগি দহ জনীয়া যুৱকৰ দলটোক থানাৰ ভিতৰত ভৰাই গছকি গছকি প্ৰহাৰ কৰিছিল৷ আনকি আৰক্ষী আৰু দুই সাধাৰণ যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সীমান্ত দেউৰী আৰু মানস প্ৰতীম মেচ নামৰ যুৱক দুজন চিকিৎসাধীন হ’ব লগা হৈছিল৷ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উঠিছে৷ আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ সৈতে সহযোগ কৰি থানাৰ ভিতৰতে ১০ জনকৈ যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা এচ আই ভৱেন দত্তৰ লগতে গুণ্ডা ৰূপী দুদুল লেখাৰু আৰু মানৱ হাজৰিকাৰ শাস্তি কি হ’ব? বিভিন্ন অভিযোগত অভিযুক্ত এই দুই যুৱকৰ সৈতে কি সম্পৰ্ক আছে আৰক্ষীৰ? এচ আই ভৱেন দত্ত আৰু অভিযুক্ত দুই যুৱকৰ ওপৰত আৰক্ষীয়ে কি আইনী ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ’ব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान उपचुनाव से पहले भजनलाल सरकार ने चला बड़ा दांव, गायों को लेकर लिया ये बड़ा फैसला
राजस्थान में उपचुनाव से पहले भजनलाल सरकार ने बड़ा दांव चल दिया है। राज्य सरकार ने गायों को लेकर...
টিংখাঙৰ ৰাজগড়ত "হৰ ঘৰ ত্ৰিৰংগা"ৰ সজাগতামূলক শোভাযাত্ৰা
ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে দেশত উদযাপন হ'ব আজাদী কা অমৃত মহোৎসৱ ৷ চৰকাৰৰ আহ্বান মৰ্মে...
ઉમેટાં બ્રિજ પરથી ભાયલીના યુવકે છલાંગ લગાવી માછીમારોએ બહાર કાઢી જીવ બચાવ્યો
ઉમેટાં બ્રિજ પરથી ભાયલીના યુવકે છલાંગ લગાવી માછીમારોએ બહાર કાઢી જીવ બચાવ્યો
ಎಸ್.ಸಿ & ಎಸ್.ಟಿ ಸಮುದಾಯದವರಿಗೆ ಒಳಮೀಸಲಾತಿ ನೀಡಬೇಕೆಂದು ಒತ್ತಾಯಿಸಿ ಬೆಂಗಳೂರಿನ ಫ್ರೀಡಂ ಪಾರ್ಕ್ ನಲ್ಲಿ ಆಗಸ್ಟ್ 13ರಂದು ಬೃಹತ್ ಪ್ರತಿಭಟನೆ ನಡೆಯಲಿದೆ ಎಂದು ಬಿ.ಕೆ. ಕೇಶವಮೂರ್ತಿ ಅವರು ತಿಳಿಸಿದರು.
ಆಗಸ್ಟ್ 10, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು ' ಸಾಮಾಜಿಕ ನ್ಯಾಯಕ್ಕಾಗಿ ಪರಿಶಿಷ್ಟ ಜಾತಿಗಳ ಒಳಮೀಸಲಾತಿ...