সোণাৰিত জোনাকী মেল অনুষ্ঠিত

চৰাইদেউ জিলা কবি সাহিত্য চক্ৰৰ উদ্যোগত, সোণাৰি সংগীত মহাবিদ্যালয় আৰু চৰাইদেউ লেখিকা সমাজৰ সহযোগত আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ অপূৰ্ব সৃষ্টি জোনাকী মেল অনুষ্ঠিত কৰা হয়। সোণাৰি সংগীত মহাবিদ্যালয়ত আজি সন্ধিয়া অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বৰ মেলোৱা হিচাপে পৰিচালনা কৰে সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন ৰাজখোৱায়। সমাজকৰ্মী দ্বিজেন্দ্ৰ নাথ শৰ্মাই পাৰ্বতী প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটিত সোণাৰি অঞ্চলৰ ভালে সংখ্যাক ন পুৰণি শিল্পী, কবি, সাহিত্যিকে অংশগ্ৰহণ কৰি বিভিন্ন গীত, নৃত্য, কবিতা আদি পৰিৱেশন কৰে।