মহানগৰীৰ পুনৰ এক চাঞ্চল্যকৰ ঘটনা। বৰবাৰী নিজান বাটৰ ভাড়াঘৰত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হৈছে। 

ৰহস্যজনকভাবে ভাড়াঘৰতে মৃত অৱস্থাত আছে কেঁচুৱাটো। 

এখন মোনাৰ ভিতৰত থোৱা আছে নৱজাতকটো। 

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দেওবাৰে জন্ম পাইছিল কেঁচুৱাটো। 

যোৱানিশা ১ বজাত কেঁচুৱাটোৰ মাক ভাড়াঘৰলৈ আহিছিল। 

তাৰ পিছত ৰাতিপুৱা কেঁচুৱাটো থৈ আকৌ গুছি যায়। 

কিন্তু বৰ্তমান পৰ্যন্ত সন্তানটোৰ মাতৃ উপস্থিত হোৱা নাই ভাড়াঘৰটোত।