চৰাইদেউত নিৰ্মাণ কাৰ্য্য চলি থকা মেডিকেল কলেজৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ।

বদৰী ৰয় এণ্ড কোম্পানী (বি আৰ চি) ৰ আধিনত নিৰ্মাণ হৈ থকা চৰাইদেউ মেডিকেল কলেজ নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকক কামৰ পৰা অব্যাহতি দিয়াত শ্ৰমিকৰ প্ৰতিবাদ।

বদৰী ৰয় এণ্ড কোম্পানী (বি আৰ চি)

চৰাইদেউ মেডিকেল কলেজ নিৰ্মাণ কৰি আছে । 

চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ স্থানীয় প্রায় চল্লিছ জন লোকে অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত আছিল প্ৰথমৰ পৰাই । কিন্তু যোৱা দুদিনমান পূৰ্বে কোম্পানী কৰ্তৃপক্ষই হঠাৎ স্থানীয় 34 জন শ্ৰমিকক কামৰ পৰা অব্যাহতি দিয়াত পানীত হাঁহ নচৰা হৈছে এই শ্ৰমিকৰ পৰিয়ালত । শ্ৰমিকসকলে অভিযোগ কৰিছে যে বহিঃৰাজ্যৰ পৰা কোম্পানী কৰ্তৃপক্ষই শ্ৰমিক আনি কামত নিয়োগ কৰিছে । এই বিষয়ে শ্ৰমিকসকলে কৰ্তৃপক্ষক শোধোতে অশ্লীল ভাষাৰে গালি গালাজ কৰাত এতিয়া ক্ষোভতি হৈ পৰিছে শ্ৰমিকসকল। শ্ৰমিকসকলে মেডিকেল কলেজৰ কামত আৰম্ভণিৰ পৰাই থকা স্বত্বেও শ্ৰমিকক মূল কঠিন কামসমূহ হৈ যোৱাৰ পাছত কিয় বহিঃৰাজ্যৰ শ্ৰমিকক নিয়োজিত কৰি স্থানীয় থলুৱা শ্ৰমিকক মাধমাৰ সোধোৱা বিষয়সমূহত এতিয়া অভিযোগ উত্থাপন কৰিছে অব্যাহতি দিয়া শ্ৰমিকসকলে।