সম্প্ৰীতিৰ বাৰ্তাৰে আজি চৰাইদেউৰ দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয়। ঐতিহ্যমণ্ডিত চৰাইদেউ পৰ্বতৰ নামনিৰ ধোদৰ আলিৰ কাষত প্ৰতিষ্ঠিত হোৱা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ২০১৮ বৰ্ষতে সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জল শতবৰ্ষ। ২০১৮ বৰ্ষতে শতবৰ্ষ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল যদিও ক'ভিডকালীন পৰিৱেশৰ বাবে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাত অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ৪, ৫ আৰু ৬ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ বাবেই আজি বিদ্যালয়খনৰ খেলপথাৰত লাইখুটা স্থাপন কৰা হয়। টাই আহোম ধৰ্মীয় পৰম্পৰা অনুসৰি লাইখুটা স্থাপন কৰা এই অনুষ্ঠানত গায়ন-বায়ন তথা ইছলাম ধৰ্মীয় লোকসকলে প্ৰাৰ্থনা জনায় সম্প্ৰীতিৰ নিদৰ্শন ডাঙি ধৰে। ইফালে তিনি দিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানৰ মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  કાંકરેજ ના ટોટાણા સંત સદારામ બાપાના ધામના પ્રવેશદ્વારનું કરાયું લોકાર્પણ કરવામાં આવ્યું હતું 
 
                      કાંકરેજ ના ટોટાણા સંત સદારામ બાપાના ધામના પ્રવેશદ્વારનું કરાયું લોકાર્પણ કરવામાં આવ્યું હતું
                  
   ગારીયાધાર નવાગામ ખાતે પ્રાથમિક શાળામાં સ્થાપના દીવસ ઉજવાયો 
 
                      ગારીયાધાર નવાગામ ખાતે પ્રાથમિક શાળામાં સ્થાપના દીવસ ઉજવાયો
                  
   Amravati | पुलावरुन पाणी वाहत असतांना ट्रक्टर चालकाची ओव्हर डेरींग, दोघे सापडले तर तिघांचा शोध सुरू 
 
                      Amravati | पुलावरुन पाणी वाहत असतांना ट्रक्टर चालकाची ओव्हर डेरींग, दोघे सापडले तर तिघांचा शोध सुरू
                  
   খোৱাঙৰ খলিহামাৰীত এজন অচিনাক্ত ব্যক্তি উদ্ধাৰক লৈ সৃষ্টি হ'ল তীব্ৰ চাঞ্চল্য 
 
                      খোৱাঙৰ খলিহামাৰীত এজন অচিনাক্ত ব্যক্তি উদ্ধাৰক লৈ সৃষ্টি হ'ল তীব্ৰ চাঞ্চল্য
                  
   
  
  
   
   
   
   
   
  