ঘিলামৰাৰ সাপ্তাহিক শনিবৰিয়া বজাৰৰ শৌচালয় নিৰ্মান কাম সম্পূৰ্ণ হোৱা কেবাটাও মাহ উকলি যোৱা পিছতো মুকলি নহল শৌচালয় গৃহ।

অতি শীঘ্ৰে শৌচালয় গৃহ মুকলি কৰিবলৈ আহ্বান জনাইছে ঘিলামৰাৰ শনিবৰীয়া সাপ্তাহিক বজাৰ পৰিচালনা সমিতি লগতে ব্যৱসায়ী সন্থাই। শৌচালয় গৃহ মুকলি কৰি নিদিয়াৰ বাবে ব্যৱসায়ী সকলৰ লগতে গ্ৰাহক সকলেও মুকলি ঠাইতে মলত্যাগ কৰিব লগীয়া হৈছে। ফলত বজাৰৰ চৌপাশ কৰ্দযময় পৰিবেশৰ বাবে ব্যৱসায়ী  সকলৰ লগতে গ্ৰাহক সকলো সমস্যা হৈছে।

আনফালে আকৌ এজাক বৰষুণ দিলেই বজাৰৰ চৌপাশ পানীয়ে ওপঙি পৰে। নলা নিৰ্মান বাবে কাম অহাৰ পিছতো ঠিকাদাৰে পালমৰা কাম কৰি নিজৰ দায়িত্ব সামৰা বুলি অভিযোগ কৰিছে বজাৰৰ পৰিচালনা সমিতিয়ে।

অৱশেষত সংবাদ মাধ্যমৰ যোগেদি বজাৰ পৰিচালনা সমিতিয়ে দাবী জনাইছে অতি শীঘ্ৰে বজাৰৰ শৌচালয় গৃহ মুকলি কৰাৰ লগতে এজাক বৰষুণতে কৃত্ৰিম বানত বজাৰ চৌপাশ  ডুব যোৱাৰ সমস্যা সমাধান কৰিবলৈ জনায়।