তিতাবৰৰ খৰিকটীয়া ষ্টেচনৰ সমীপত মৰ্মান্তিক ঘটনা। ৰে’লৰ খুন্দাত নিহত হৈছে দুটাকৈ বন্যহস্তী। নিহত বন্যহস্তী দুটা মাক আৰু পোৱালি হাতী। নামনিমুৱা ৰাজধানী এক্সপ্রেছৰ খুন্দাত নিহত হৈছে মাকৰ সৈতে হাতী পোৱালিটোৰ। ৰে’লৰ খুন্দাত থিতাতে নিহত হোৱা হাতী পোৱালিটোৰ বয়স ১ বছৰ।প্রায় ৬ ঘণ্টাৰ অন্তত বিনা চিকিৎসাত মৃত্যু হয় মাকজনীৰো।