নামখলা নিকটৱৰ্তী মিছাহাতখলা বগৰীবাৰীৰ এটি দুখীয়া পৰিয়াললৈ সহায়ৰ হাত মানৱতাবাদী সংগঠন "মানুহে মানুহৰ বাবে"ৰ । জন্মৰ ২২দিন বয়সতে অচিন ৰোগত আক্ৰান্ত ১৫ মহীয়া এটি শিশুক লৈ পিতৃ-মাতৃয়ে অসহায় হৈ পৰিছিল। ৰাইজৰ দান বৰঙণিৰে বাংগালুৰুত চিকিৎসা কৰি কিছু সুস্থ হোৱা শিশুটি আৰু পৰিয়ালৰ বিপদৰ সময়ত থিয় দিছে "মানুহে মানুহৰ বাবে" ।

মানবতাবাদী সংস্থা মানুহে মানুহৰ বাবে দৰং অসম আৰু দৰং জিলা কৰুনাধাৰা সহায়ক সমিতি তথা বিশিষ্ট সাহিত্যিক চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱ, বিশিষ্ট ৰক্তদাতা শেষৰ মজুমদাৰ , জ্যেষ্ঠ সাংবাদিক তথা জিলা কৰুনাধাৰা সহায়ক সমিতিৰ সম্পাদক গনেশ দত্তৰ লগতে ৰক্তদাতা জয়প্ৰকাশ শৰ্মা সাংবাদিক দ্বীপেন ডেকা, সমাজসেৱক বুল চন্দ্ৰ ডেকা আৰু স্থানীয় বিশিষ্ট ব্যক্তিৰ উপস্থিতত উৰুখা প্ৰজাত বাস কৰা শিশুটিৰ বিভিন্ন চিকিৎসাৰ বাবে ডা° অমৰেন্দ্ৰ নাৰায়ণ দেৱে মাহে ৩০০০টকা আৰু মাতৃ মিনতি ডেকাক স্বনিৰ্ভৰশীল হোৱাৰ বাবে যন্ত্ৰচালিত তাতশাল দিয়াৰ বাবে সহায়ৰ হাত আগবঢ়াই ।